বঢ়মপুৰ, 9 জুলাই : নগাঁৱৰ এগৰাকী অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰই উদঙালে এটা কোৱাৰেণ্টাইন কেন্দ্ৰৰ প্ৰকৃত স্বৰূপ ৷ ছাত্ৰগৰাকীয়ে ফেচবুক আৰু টুইটাৰযোগে কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ ভিডিঅ’ প’ষ্ট কৰি স্বাস্থ্য মন্ত্ৰীক প্ৰেৰণ কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ সুভন সেন নামৰ ছাত্ৰগৰাকী সম্প্ৰতি কোৱাৰেণ্টাইন হৈ আছে নগাঁৱৰ ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়স্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত ৷
ছাত্ৰই উদঙালে কোৱাৰেণ্টাইন কেন্দ্ৰৰ কদৰ্যময় ৰূপ - covid 19
এগৰাকী ছাত্ৰই উদঙালে নগাঁৱৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰৰ প্ৰকৃত ৰূপ ৷ নগাঁৱৰ ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়স্থিত কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ কদৰ্যময় পৰিৱেশৰ মাজতে দিন কটাবলগীয়া হৈছে আৱাসীসকলে ৷ বিচনাৰ অভাৱত মাটিতে বিচনা পাৰি শোৱা লোকসকলে কেন্দ্ৰটোত বিদ্যুতৰ ব্যৱস্থা নথকাত হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷
কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ কদৰ্যময় পৰিৱেশৰ মাজতে দিন কটাবলগীয়া হৈছে আৱাসীসকলে ৷ বিচনাৰ অভাৱত মাটিতে বিচনা পাৰি শোৱা লোকসকলে কেন্দ্ৰটোত বিদ্যুতৰ ব্যৱস্থা নথকাত হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ পৰৱৰ্তী 13 জুলাইত অনুষ্ঠিত হ’বলগীয়া অনলাইন পৰীক্ষাৰ বাবে ইতিমধ্যে বিপদত পৰাৰ সম্ভাৱনাই দেখা দিছে NIT ত M.Tech ৰ শিক্ষাগ্ৰহণ কৰি থকা সুভন সেন নামৰ ছাত্ৰ গৰাকী ৷ উল্লেখ্য যে, বিহাৰৰ পৰা পিতৃ-মাতৃৰ সৈতে অহা ছাত্ৰগৰাকীয়ে স্বাস্থ্য বিভাগক হোটেল কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি দিবলৈ ইতিমধ্যে কেইবাবাৰো অনুৰোধ জনাইছিল যদিও ছাত্ৰগৰাকীৰ অনুৰোধৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰিলে বিভাগে ৷ ছাত্ৰগৰাকীৰ পিতৃ-মাতৃ সম্প্ৰতি হোম কোৱাৰেণ্টাইনত থকাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰগৰাকীকো হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি দিবলৈ স্বাস্থ্য বিভাগক আবেদন জনাইছে ৷