কলিয়াবৰ,11 জুন :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলত সাম্ভাব্য বান পৰিস্থিতিৰ বাবে সাজু বুঢ়াপাহাৰ বনাঞ্চলৰ বিষয়া বনকৰ্মী । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ইতিমধ্যে সাজু কৰি তুলিছে ৩০ খন হাত নাও, ৩ খনকৈ মেচিন নাও আৰু পৃথকে-পৃথকে নিয়োগ কৰিছে বনকৰ্মীৰ দল । আনহাতে গঁড় সুৰক্ষা বাহিনীৰ দল অত্যাধুনিক মাৰণাস্ত্ৰৰে বানপানীৰ সময়ত গঁড় সুৰক্ষা দিবৰ বাবে সাজু হৈ আছে । তদুপৰি, এইবেলি বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে ৯০ গৰাকী বনকৰ্মী নিয়োগ কৰিছে বিভাগটোৱে।
বুঢ়াপাহাৰ বনাঞ্চলৰ ৩১ টা বন শিবিৰৰ ১০ টা বন শিবিৰত প্ৰত্যেক বাৰিষাতে ভয়ংকৰভাৱে বানে ক্ষতিগ্ৰস্ত কৰে। বানপানীৰ সময়ত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ পৰা বন্য জীৱ-জন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে যায় । কিন্তু যোৱা বানৰ সময়ত কাৰ্বি পাহাৰৰ দিশে যোৱা জীৱ-জন্তুৰ সংখ্যা লক্ষণীয়ভাৱে কমিছিল আৰু এইবাৰো সেই যত্নৰ ক্ৰুটি নকৰে কৰ্তৃপক্ষই । অৱশ্যে, বিভিন্ন সংবাদ মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ বাতৰি প্ৰচাৰ হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে কৰ্তৃপক্ষ ।
ৰাষ্ট্ৰীয় উদ্যানখনত বান হ'লেই কাষেৰেই পাৰ হোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে টাইম-কাৰ্ড (TIME CARD) ব্যৱস্থাৰ লগতে বেৰিকেড লগোৱা হয় । কিন্তু এতিয়া লৈ তেনে কোনো ব্যৱস্থা পৰিলক্ষিত হোৱা নাই । উদ্যানখনৰ ভিতৰলৈ নগ'লেও বান নোহোৱাৰ কথাৰ উমান পাব পাৰি । বানৰ সময়ত চোৰাং চিকাৰীৰ কৱলৰ পৰা জীৱ-জন্তু সমূহ ৰক্ষা কৰিবলৈ ২৪ ঘন্টাই এতিয়া সষ্টম হৈ পৰিছে বুঢ়াপাহাৰ বনাঞ্চলৰ বনকৰ্মীসকল ।