নগাঁও,6 জুলাই: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ শাৰিৰীক অসুস্থতা সন্দৰ্ভত এইবাৰ মুখ খুলিছে নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ সাংসদগৰাকীয়ে গগৈক অসমৰ সম্পদ হিচাপে অভিহিত কৰাৰ লগতে ৰাইজৰ সৈতে নেতাগৰাকীৰ সংযোগ বিছিন্ন কৰাৰ বাবে অভিসন্ধি ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ বিগত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ছোৱাত চৰকাৰৰ বিপক্ষে মাত মতাৰ অভিযোগৰ লগতে আন কেইবাটাও অভিযোগত অখিল গগৈক আটক কৰি কাৰাবন্দী কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে ৷ শেহতীয়াকৈ গগৈৰ অসুস্থ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক উচিত চিকিৎসা প্ৰদানৰ দাবী জনাই সাংসদ বৰদলৈয়ে ৷ সমান্তৰালভাৱে বৰ্তমান শাসনাধীন চৰকাৰখনক স্বেচ্ছাচাৰী আখ্যা দিয়ে কংগ্ৰেছী সাংসদগৰাকীয়ে ৷
অখিল গগৈ অসমৰ সম্পদ: কিয় ক'লে প্ৰদ্যুৎ বৰদলৈয়ে? - কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ
মহানগৰীৰ কেন্দ্ৰীয় কাৰাগাৰত দীৰ্ঘদিনে বন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ সম্প্ৰতি অসুস্থ ৷ গগৈৰ দেহত কৰ’ণা ভাইৰাছৰ আটাইকেইটা উপসৰ্গ দেখা দিয়াৰ পিছতো কৃষক মুক্তিৰ নেতাগৰাকীৰ চিকিৎসাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে ৰাজ্য় চৰকাৰে ৷ ইতিমধ্যে কাৰাগাৰৰ কেইবাজনো কাৰাবন্দীৰ দেহত ধৰা পৰিছে Covid 19 ৰ উপস্থিতি ৷
অখিল গগৈৰ শাৰিৰীক অসুস্থতা সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া