নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ শিশু চিকিৎসালয়
নগাঁৱৰ ৰূপহীহাটৰ এটি নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰে নগাঁৱৰ শিশু চিকিৎসালয় ৷ আৰক্ষীৰ উপস্থিতত পৰিস্থিতি নিয়ন্ত্ৰণ ৷
নগাঁৱ, 9 জুলাইঃ নৱজাতকৰ মৃত্য়ুক লৈ সোমবাৰে উত্তপ্ত হৈ পৰে নগাঁঁৱৰ শিশু চিকিৎসালয় ৷ দেওবাৰে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল ৰূপহীহাট শালপাৰৰ এগৰাকী গৰ্ভৱতী মহিলাক আৰু সোমবাৰে ৰাতিপুৱা মহিলাগৰাকীয়ে এটি নৱজাতকৰ জন্ম দিয়ে যদিও নৱজাতকটিৰ অৱস্থা বেয়া হৈ পৰাত আইচিইউত ভৰ্তি কৰোৱা হয় ৷ মাতৃয়ে মাতৃদুগ্ধ পান কৰিব নোৱাৰাৰ বাবেই শিশুটি আইচিইউত ভৰ্তি কৰোৱা হয় বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ কিন্তু মঙলবাৰে নৱজাতকটোৰ মৃত্যু হোৱা বুলি সদৰী কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷ পৰিয়ালৰ লোকে এই কথা মানি নোলোৱাত একপ্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ পৰিয়ালৰ অভিযোগ চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যু হয় শিশুটিৰ ৷