ৰূপহীহাট,22 ফেব্ৰুৱাৰী:মেৰামতিৰ অভাৱত দীৰ্ঘদিনে পৰিত্যক্ত অৱস্থাত আছিল নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ ৷ অৱশেষত এই প্ৰেক্ষাগৃহই লাভ কৰিলে নতুন ৰূপ ৷ ঐতিহ্যমণ্ডিত এই জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটিৰ গ্ৰীণৰুমসমূহো দিনক দিনে জহি খহি যাবলৈ ধৰিছিল ৷ যাৰ বাবে অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত আয়োজকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷ জিলাখনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এই পুথিভঁৰালৰ প্ৰেক্ষাগৃহটো সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনৰ প্ৰাণকেন্দ্ৰ হিচাপে ইমানদিনে বৰঙণি আগবঢ়াই আহিছিল ৷
ন ৰূপত উজলিছে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ - Nagaon district library
ন ৰূপত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ ৷ দেওবাৰে ন ৰূপত সাজু কৰি তোলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটো মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই ৷
![ন ৰূপত উজলিছে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ re construction of Nagaon District Library auditorium assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10724438-thumbnail-3x2-a.jpg)
নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ
ন ৰূপত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ
কিন্তু শেহতীয়াকৈ প্ৰেক্ষাগৃহটো সুন্দৰভাৱে সজাই পৰাই দেওবাৰে সন্ধিয়া ৰাইজৰ বাবে মুকলি কৰি দিয়ে বিধায়ক ৰূপক শৰ্মাই ৷ প্ৰেক্ষাগৃহটিৰ উন্মোচনৰ পাছতেই জিলাখনৰ শিল্পীসকলৰ দ্বাৰা পবিত্ৰ কলিতাৰ পৰিচালনাৰে মুনমী বৰদলৈৰ নাটক কামৰূপা মঞ্চস্থ কৰা হয় ৷