অসম

assam

নগাঁৱৰ বিভিন্ন স্থানত ৰাসৰ আয়োজন

By

Published : Dec 1, 2020, 1:48 PM IST

পবিত্ৰ ৰাস পূৰ্ণিমাৰ আনন্দত এতিয়া মতলীয়া অসমৰ আকাশ বতাহ । ক’ৰণাই সমগ্ৰ বিশ্বক ধূসৰ কৰি থৈ যোৱাৰ পিছত শ্ৰীকৃষ্ণৰ প্ৰেমৰ আনন্দই গা সাতখন আঠখন কৰাইছে গোপিনী তথা অসমৰ জনসাধাৰণৰ ।

rass celebrate in nagaon
নগাঁৱৰ বিভিন্ন স্থানত ৰাসৰ আয়োজন

নগাঁও, 1 ডিচেম্বৰ :অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানতো সোমবাৰে অনুষ্ঠিত হয় ৰাস । নগাঁৱৰ চকলাঘাট, হাতীচোং, জাজৰি পাঘালী, বেবেজীয়াৰ বিভিন্ন স্থানত জনতাৰ মাজত ৰাসৰ উছাহ পৰিলক্ষিত হয় । অৱশ্যে এইবাৰ ৰাসৰ মাজতে দেখা গ’ল কিছু ব্যতিক্ৰমী ছবি । ঠায়ে ঠায়ে ৰাসৰ মাজতেই ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচীও ৰূপায়ণ কৰা পৰিলক্ষিত হয় ৷ নগাঁৱৰ হাতীচোং কম‍ৰচুক গাঁৱত ৰাসত পিপিই কিট পৰিধান কৰি পুৰুষে গোপীৰ নৃত্যত অংশগ্ৰহণ কৰে । সমান্তৰালকৈ বেবেজীয়াৰ ৰাস উৎসৱত যুৱতীসকলৰ নৃত্যৰ লগতে কৃষ্ণ আৰু শিশুকৃষ্ণৰ অভিনয়ে মোহাছন্ন কৰে দৰ্শক ৰাইজক ।

নগাঁৱৰ বিভিন্ন স্থানত ৰাসৰ আয়োজন

ABOUT THE AUTHOR

...view details