চামগুৰি, 4 ডিচেম্বৰ:নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী চলচলিৰ জলাহ গাঁৱত ৰাইজে উচাহ-উদ্দীপনাৰ মাজেৰে বৃহস্পতিবাৰে পৰম্পৰাগত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ পালন কৰে । জলাহৰ ৰাইজে চৰকাৰী সকলো নীতি-নিৰ্দেশনা পালন কৰি এই বছৰ ব্যতিক্ৰমীভাৱে গাঁও খনৰ বৰনামঘত অনুষ্ঠিত কৰিলে ৰাস উৎসৱ । ৰাস উপভোগ কৰিবলৈ অহা সহস্ৰাধিক দৰ্শক ৰাইজক বৰনামঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে হাত ছেনিটাইজ কৰাৰ লগতে জুখি চোৱা হ'ল শৰীৰৰ উত্তাপ ।
জলাহ গাঁৱত ৰাইজে পালন কৰিলে ৰাস উৎসৱ - RASH
উচাহ-উদ্দীপনাৰ মাজেৰে বৃহস্পতিবাৰে পৰম্পৰাগত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ পালন কৰে নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী চলচলিৰ জলাহ গাঁৱত ৰাইজে ।
জলাহ গাঁৱত ৰাইজে পালন কৰিলে ৰাস উৎসৱ
লক্ষণীয়ভাৱে জলাহৰ শ্ৰীকৃষ্ণ ৰাস উৎসৱত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে ওৰেতো নিশা ৰাস উপভোগ কৰি মন্ত্ৰমুগ্ধ হোৱা দেখা গ'ল অগপ দলৰ যুৱ নেতা কলিয়াবৰৰ মণিমাধৱ মহন্তৰ লগতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া গৰাকীক । আনহাতে চহা ৰাইজে ক'ভিড প্ৰট'কলসমূহ যাতে আগলৈয়ো মানি চলে তাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ, ৰাসনৃত্যত মগ্ন গোপী সকলৰ মাজত এজন চিকিৎসকৰ বেশত নৃত্য কৰি দৰ্শকৰ মাজত সজাগতা সৃষ্টিৰ অভিনৱ প্ৰয়াস কৰা পৰিলক্ষিত হয় ।