চামগুৰি, ২ ডিচেম্বৰ: শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ বাবে সমগ্ৰ ৰাজ্যৰে ভক্তপ্ৰাণ ৰাইজৰ মাজত অব্যাহত আছে পাৰ ভঙা উৎসাহ-উদ্দীপনা । ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি ৰাজ্যৰ বহু অঞ্চলত শ্ৰীকৃষ্ণৰ মহাৰাস উদযাপন কৰা হৈছে। আনহাতে, আন বহু ঠাইত মহামাৰীৰ ভয়াৱহতাৰ বাবে এইবছৰ অনুষ্টুপীয়াকৈ এখন ভাওনা প্ৰদৰ্শন কৰিয়েই উৎসৱ ভাগ অনুষ্ঠিত কৰাৰ পৰম্পৰা ৰক্ষা কৰিছে ।
নগাঁও জিলাৰ পুৰণিগুদামত একাংশ শিশুৰ সহযোগত এইবাৰ ৰাসৰ বিপৰীতে প্ৰদৰ্শন কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট । পুৰণিগুদামৰ বৰপানীগাওঁস্থিত ৰংদাইচুকৰ বৰনামঘত প্ৰদৰ্শন কৰা হ'ল 'পাৰিজাত হৰণ' নাটখন । শ্ৰীকৃষ্ণ, ৰুক্মিনী, সত্যভামা আদি চৰিত্ৰ অভিনয়ৰ জৰিয়তে সুন্দৰকৈ ফুটাই তোলে কণ কণ শিশুৱে । আগতে অভিনয় কৰি নোপোৱা শিশুৱেও নাটখনত অভিনয় কৰে ।