নিউজ ডেস্ক,21 ফেব্ৰুৱাৰী : ৰূপহীহাটৰ তেলিয়াচাপৰিত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰে তিনি ব্যক্তিয়ে ৷ শনিবাৰে সন্ধিয়া ৰূপহীহাটৰ তেলিয়াচাপৰিৰ পৰা তিনি দুৰ্বৃত্তই অপহৰণ কৰিছিল কিশোৰী গৰাকীক । ইয়াৰ পিছতে পৰিয়ালে বহু বিচাৰ-খোচাৰ কৰি জিউমাৰীৰ এডৰা জংঘলৰ পৰা মুৰ্মুষ তথা বস্ত্ৰহীন অৱস্থাত উদ্ধাৰ কৰিছিল কিশোৰী গৰাকীক ।
ইয়াৰ পিছতে ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত স্থানীয় ৰাইজে জিউমাৰীৰ আবু বক্কৰ ছিদ্দিক নামৰ যুৱকজনক আটক কৰে । ৰাইজৰ জেৰাত ধৰ্ষণৰ কথা স্বীকাৰ কৰে ধৰ্ষণকাৰীয়ে । আবু বক্কৰে খাইৰুল ইছলাম আৰু বাহাৰুল ইছলামৰ সৈতে মিলি কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰিছে ।