অসম

assam

ETV Bharat / state

ধৰ্ষণত অভিযোগত অভিযুক্ত বনকৰ্মীৰ আত্মহত্যাঃ আচলতে কি হৈছিল ? - আমচৈৰ বনকৰ্মীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

সোমবাৰে পুৱা আমচৈ খণ্ড বন বিষয়া কাৰ্যালয় চৌহদৰ এটা পুৰণি ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় অভিযুক্ত বনকৰ্মীজনৰ মৃতদেহ । এই ঘটনাই আমচৈ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা বনকৰ্মীজনৰ বিৰুদ্ধে কৰা ধৰ্ষণৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে সহকৰ্মীসকলে।

Nagaon
আমচৈ

By

Published : Jul 6, 2020, 4:08 PM IST

ৰহা, 6 জুলাই :ৰহাৰ আমচৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । দেওবাৰে সন্ধিয়া আমচৈ বন বিভাগৰ কোৱাৰ্টাৰলৈ এগৰাকী ১১ বছৰীয়া কিশোৰীক মাতি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে আমচৈ বন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত মহেন্দ্ৰ সিং নামৰ বনকৰ্মীজনৰ বিৰুদ্ধে । ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীয়ে মাতৃক উক্ত ঘটনা সম্বন্ধে অৱগত কৰাত আমচৈ অঞ্চলৰ সকলো ৰাইজ ওলাই আহি আমচৈ খণ্ড বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে।

লগতে পঢ়কঃ লক ডাউন: মহানগৰীত এসপ্তাহৰ পিছত খুলিল গেলামাল দোকান

ইফালে ৰাইজে কাৰ্যালয় ঘেৰাও কৰাৰ লগে লগে পৰিস্থিতি ভয়াৱহ হৈ পৰাত উক্ত বন বিষয়াজনে পলায়ন কৰে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আমচৈ আৰক্ষী উপস্থিত হয় যদিও পৰিস্থিতি অধিক উত্তপ্ত হোৱাত ৰহা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া উক্ত স্থানত উপস্থিত হয় ৷ আৰক্ষী বিষয়া কেইজনে বন কৰ্মীজনক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত পৰিস্থিতি কিছু শান্ত হয়। ইয়াৰোপৰি, কিশোৰীগৰাকীৰ ধৰ্ষণৰ অভিযোগত ভুক্তভোগী পৰিয়ালে বনকৰ্মীজনৰ বিৰুদ্ধে আমচৈ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ।

আমচৈ

ইপিনে সোমবাৰে পুৱা আমচৈ খণ্ড বন বিষয়া কাৰ্যালয় চৌহদৰ এটা পুৰণি ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় অভিযুক্ত বনকৰ্মীজনৰ মৃতদেহ । এই ঘটনাই আমচৈ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা বনকৰ্মীজনৰ বিৰুদ্ধে কৰা ধৰ্ষণৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে সহকৰ্মীসকলে। বনকৰ্মীজন অতি সৎ আৰু নিষ্ঠাবান সেয়ে এই অপবাদৰ বাবে বনকৰ্মীজনে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে একাংশই । আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

For All Latest Updates

ABOUT THE AUTHOR

...view details