নগাঁও, 13 ডিচেম্বৰ: নগাঁৱত অনুষ্ঠিত অসম কলেজ শিক্ষক সংস্থাৰ ৬৬ সংখ্যক বাৰ্ষিক অধিৱেশনখন(Annual conference of Assam college teachers association)ৰ সোমবাৰে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education minister Dr. Ranoj Pegu) । নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ সোমবাৰে সামৰণি অনুষ্ঠানৰ পুৱা ১০ বজাৰপৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয় । সভাত বিভিন্ন মণ্ডলৰ প্ৰতিনিধিসকলে অসমৰ মহাবিদ্যালয়সমূহৰ বিভিন্ন সমস্যাৰাজিৰ পৰ্যালোচনা কৰাৰ উপৰিও প্ৰধানকৈ এন পি এছ ৰ পৰিৱৰ্তে ও পি এছ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে ।
অধিৱেশনৰ সামৰণি অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকি অসমৰ শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে । শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ সমস্যাৰ বুজ লোৱাৰ উপৰিও এই সমস্যাসমূহৰ সমাধানৰ বিষয়ে আলোচনা কৰে ।
ভাষণ প্ৰসংগত মন্ত্ৰীজনে কয়- "অসমৰ শিক্ষা ব্যৱস্থাত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০(National Education Policy 2020)ৰ প্ৰৱৰ্তনৰ এই সময়খিনি এক সন্ধিক্ষণ । ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো শিক্ষাৰ উত্তৰণ ঘটাব লাগে ।" প্ৰসংগক্ৰমে শিক্ষামন্ত্ৰীজনে বিহাৰত বিজ্ঞান বিষয়ত অধ্যয়নৰত শিক্ষার্থীৰ সংখ্যা ৪৩% হোৱাৰ বিপৰীতে অসমত মাত্ৰ ১৪% বুলিহে উল্লেখ কৰে । সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ অতি নিম্নগামী হোৱা বুলি মন্তব্য আগবঢ়াই তেওঁ এই হাৰ বৃদ্ধিৰ বাবে শিক্ষকসকলক অন্তৰদর্শনৰদ্বাৰা শিক্ষাদান কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক:Boxer MC Marykom in Dibrugarh : নাহৰৰ দেশত এম চি মেৰিকম