ৰূপহীহাট,10 এপ্ৰিল:বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত ; বিহু থাকে মানে বিহুকে বিনাবি, বিহু গ’লে বিনাবি কাক । ৰঙালী এতিয়া পদূলিৰ মুখত ৷ সমান্তৰালভাৱে ৰঙালীক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে অসমবাসী ৷
ৰূপহীহাটবাসীৰ মাজত ৰঙালীৰ ব্যাপক উচাহ - ৰঙালী এতিয়া পদূলিৰ মুখত
বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত ; বিহু থাকে মানে বিহুকে বিনাবি, বিহু গ’লে বিনাবি কাক । সমগ্ৰ ৰাজ্যৰ লগতে ৰূপহীহাটবাসীও সাজু হৈছে ৰঙালীক আদৰিবলৈ ৷
ৰূপহীহাটবাসীৰ মাজত ৰঙালীৰ ব্যাপক উচাহ
সমগ্ৰ ৰাজ্যৰ লগতে ৰূপহীহাটবাসীও সাজু হৈছে ৰঙালীক আদৰিবলৈ ৷ ৰূপহীহাটৰ জুৰীয়াত কণ কণ শিশুসকলৰ লগতে যুৱক-যুৱতীসকল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত ৷ আপোনজনক এখন মৰমৰ বিহুৱান যাচিবৰ বাবেও প্ৰস্তুতি চলাইছে গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে । এক কথাত ক'বলৈ গ'লে চেনেহৰ ৰঙালীক আদৰাৰ বাবে ৰূপহীহাটবাসীৰ মাজত ব্যাপক উৎসাহ-আনন্দ দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক: চতুৰ্থ পৰ্যায়ত ভয়ংকৰ ৰাজনৈতিক হিংসাৰ বলি উত্তৰ বংগবাসী