অসম

assam

ETV Bharat / state

নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ধিঙত বিহুৰ প্ৰস্তুতি

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ ধিঙতো ৰঙালী বিহুৰ প্ৰস্তুতি তুংগত । এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ তত্বাৱধানত বিহুৰ আখৰা আৰম্ভ কৰিছে ডেকা-গাভৰুসকলে ৷

rangali-bihu-preparation
ধিঙত বিহুৰ প্ৰস্তুতি

By

Published : Apr 2, 2021, 9:32 PM IST

নগাঁও,2 এপ্ৰিল : নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে সমগ্ৰ ৰাজ্যত চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি । অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী । তাৰ প্ৰাকক্ষণত দেখিবলৈ পোৱা গৈছে নগাঁৱৰ ডেকা-গাভৰুসকল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত ।

ধিঙত বিহুৰ প্ৰস্তুতি

বিগত বৰ্ষত ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিহু উদযাপনৰ পৰা বিৰত আছিল অসমবাসী । কিন্তু এইবেলি দুগুণ উৎসাহেৰে বাপতিসাহোন বিহুটিক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া । যাৰ বাবে সীমাহীন ব্যস্ততা সকলোৰে মাজত ।

ধিঙৰ আঠগাঁও মজলীয়া বিদ্যালয়ৰ চৌহদত দেখিবলৈ পোৱা গৈছে এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ তত্বাৱধানত ডেকা-গাভৰুসকলৰ বিহুৰ আখৰা । ইফালে, যুৱতীসকলক কান্ধত ঢোল লৈ বিহু আখৰা কৰা এক ব্যতিক্ৰমী ৰূপ দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক :মৰাণত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিচ্ছবি দাহ

ABOUT THE AUTHOR

...view details