নগাঁও, 23 জানুৱাৰীঃঅসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট সাহিত্যিক তথা সাংবাদিকহোমেন বৰগোহাঞিলৈ আগবঢ়োৱা হৈছে ৰণাংগন সন্মান৷12 বছৰ সম্পূৰ্ণ হোৱা বাবে ৰণাংগন প্ৰকাশন গোষ্ঠীয়ে, চলিত বৰ্ষৰ পৰা ৰণাংগন সন্মান প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই বছৰৰ পৰা প্ৰতি বছৰেই এই বঁটা প্ৰদান কৰা হ'ব সাহিত্য সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বৰেণ্য ব্যক্তিসকললৈ ৷
বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিলৈ 'ৰণাংগন' সন্মান - শিৱ প্ৰসাদ বৰা
সাহিত্য সাংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বৰেণ্য ব্যক্তিসকললৈ, চলিত বৰ্ষৰ পৰা ৰণাংগন প্ৰকাশন গোষ্ঠীয়ে প্ৰদান কৰিব ৰণাংগন সন্মান ৷

হোমেন বৰগোহাঞি
বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিলৈ প্ৰদান কৰা হ'ব 'ৰণাংগন' সন্মান
প্ৰথমবাৰৰ বাবে ৰণাংগন সন্মানৰ বাবে ৰণাংগন প্ৰকাশনৰ ৫ জনীয়া নিৰ্বাচক কমিটিয়ে নিৰ্বাচিত কৰিছে বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিক ৷ অহা ৬ বহাগত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীআৰু প্ৰসিদ্ধ সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ উপস্থিতিত, বিশিষ্ট সাহিত্যক তথা সাংবাদিক হোমেন বৰগোহাঞিক এই সন্মান প্ৰদান কৰা হ'ব ৷ বৃহস্পতিবাৰে ৰণাংগনৰ নগাঁও কাৰ্য্যালয়ত এক সংবাদ মেল সম্বোধন কৰি ৰণাংগন গোষ্ঠীৰ হৈ এই কথা সদৰী কৰে শিৱ প্ৰসাদ বৰাই ৷