নগাঁও, ১০ এপ্ৰিল: "বঁটা বা সন্মানে আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ে । ৰণাংগনৰ দৰে অনুষ্ঠানে সন্মান জনোৱাত আৰু এঢাপ আগুৱাই যোৱাত সহায়ক হ'ব ।" এই মন্তব্য বিশ্ব বিজয়ী লাভলীনা বৰগোহাঁইৰ । নগাঁৱৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা "ৰণাংগন সন্মান-২০২২" গ্ৰহণ কৰি বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে আগবঢ়াই এই মন্তব্য (Ranangan Award 2022 to Lovlina Borgohain) ।
অসমত খেলৰ পৰিৱেশ আগতকৈ উন্নত হৈছে বুলি উল্লেখ কৰি কয়, ‘‘মই আৰু হিমাই আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক বিজয়ী হোৱাৰ পিচত এই পৰিৱেশ সলনি হৈছে । খেলৰ প্ৰতি নৱ প্ৰজন্ম আকৰ্ষিত হৈছে । চৰকাৰেও খেলৰ প্ৰতি বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । ইয়াৰ জৰিয়তে নতুন প্ৰজন্ম আগবাঢ়ি যাবলৈ সক্ষম হ'ব ।’’
অসম সাহিত্য সভাৰ সভাপতি ড৽ সূৰ্যকান্ত হাজৰিকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি লাভলীনা অসমৰে নহয় ভাৰতবৰ্ষৰে গৌৰৱ বুলি অভিহিত কৰি কয় যে, নতুন প্ৰজন্মৰ বাবে লাভলীনা প্ৰেৰণা হৈ পৰিছে । সমগ্ৰ ৰাজ্যখনকে লাভলীনাই উদ্বুদ্ধ কৰি তুলিছে (Lovlina Borgohain in Nagaon) ।
আনহাতে, সন্মান প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ পূব প্ৰান্তৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ মৃদুল হাজৰিকা, অসম অলিম্পিকৰ কোষাধ্যক্ষ তপন কুমাৰ দাস বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি লাভলীনাৰ গুণ গৰিমা শলাগি ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰি ভাষণ প্ৰদান কৰে (Reward to Lovlina Borgohain) ।