নগাঁও, 29 নৱেম্বৰ : শীতকালিন অধিৱেশন অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাহস গোটাব পৰা নাই ৷ বিৰোধীৰ দলৰ মুখামুখি হোৱাৰ সাহসৰ অভাৱৰ বাবেই অনুষ্ঠিত কৰা নাই বিধানসভাৰ শীতকালিন অধিৱেশন ৷ এই মন্তব্য অসম বিধানসভাৰ বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনৰ ৷ বুধবাৰে নগাঁৱত এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰা বিধায়কগৰাকীয়ে ৷
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ দিনত কোনোধৰণৰ দুৰ্নীতি সংঘটিত হোৱা এই ৷ উক্ত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ ‘দিনত’ দুৰ্নীতি সংঘটিত নোহোৱাটো সঁচা, কিন্তু তেওঁৰ দিনত ‘ৰাতি’হে দুৰ্নীতি হয় ৷ নগাঁও ৰাজীৱ ভৱনত সংবাদমেলৰ আয়োজন কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাকএনেদৰে কটাক্ষ কৰে তেখেতৰ একালৰ সতীৰ্থ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।
প্ৰসংগক্ৰমে ৰকিবুল হুছেইনে কয় যে শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সুৰেশ বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বাবেই বঢ়মপুৰ সমষ্টিৰ ৰাইজে কংগ্ৰেছক বেয়া পাই আছিল ৷ সুৰেশ বৰাৰ ফটো ঘৰত ৰাখিলে ল'ৰা-ছোৱালী বেয়া হ'ব বুলি পূৰ্বেই বহুতে ৰকিবুল হুছেইনক জনাইছিল বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী হুছেইনে ।