নগাঁও, 19 এপ্ৰিল :বিগত পোন্ধৰ বছৰে ক্ষমতাত থাকি ক্ষমতাচ্যুত হোৱা বহু কংগ্ৰেছী নেতাই যেন এতিয়া হেৰুৱাইছে দিক-বিদিক (Congress leaders in dilemma)। ক’লৈ যাব কি কৰিব অৱস্থা হৈ পৰিছে বহু কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰীৰ । বিজেপিত যোগদান কৰিব বিচাৰিলেও দুই এক কংগ্ৰেছ নেতাক বিজেপিয়ে স্থান নিদিয়া বুলিও চলি আছে ব্যাপক চর্চা । এনে সময়তে কংগ্ৰেছ ত্যাগ কৰি মমতাৰ তৃণমূলত যোগদান কৰা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ পক্ষত যেন থিয় দিলে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন ।
তৃণমূলত যোগদান কৰা সদ্য প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰিপুন বৰাৰ সমালোচনাত কংগ্ৰেছ নেতাসকল সৰৱ হৈ থকাৰ সময়ত ৰকিবুল হুছেইনে পৰোক্ষভাৱে হ’লেও বৰাক সমৰ্থন আগবঢ়োৱা বিষয়টোৱে বহন কৰিছে বিশেষ তাৎপৰ্য । ৰিপুন বৰাৰ দল ত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া (Rakibul Hussain on Ripun Bora's TMC journey) প্ৰকাশ কৰি ৰকিবুল হুছেইনে ক’লে, ৰিপুন বৰাক কংগ্ৰেছত এচামে বহুত জ্বলাইছিল । মোকো জ্বলাইছিল । কিন্তু ৰিপুন বৰাৰ দৰে মই মূৰ পোলোকা মাৰি পলায়ণ নকৰোঁ । মই কংগ্ৰেছৰ নিষ্ঠাৱান সৈনিক। মই যুঁজিম'' ৷