কলিয়াবৰ, 29মে': বৃহস্পতিবাৰে কলিয়াবৰৰ বৰঘূলীৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চলত উপস্থিত হয় চামগুৰি সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন ৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীক ক্ষুৰধাৰ সমোলোচনা কৰে বিধায়ক ৰকিবুল হুছেইনে ৷ নিজ সমষ্টিতে গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰা মন্ত্ৰীগৰাকীয়ে কেনেকৈ ৰাজ্যৰ আন অঞ্চলৰ খহনীয়া নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে ৷
কলিয়াবৰত গৰাখহনীয়া পৰিদৰ্শন ৰকিবুল হুছেইনৰ - জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত
নিজ সমষ্টিতে গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰা মন্ত্ৰীগৰাকীয়ে কেনেকৈ ৰাজ্যৰ আন অঞ্চলৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে ৷ ইপিনে বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজক ন্যুনতম সুবিধাখিনিও নিদিয়াৰ অভিযোগ তুলি চৰকাৰৰ পৰা ৰাইজে তিতা-কেঁহা খোৱা বুলিহে কটাক্ষ কৰে ৷

কলিয়াবৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ
কলিয়াবৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ
ইপিনে বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজক ন্যুনতম সুবিধাখিনিও নিদিয়াৰ অভিযোগ তুলি চৰকাৰৰ পৰা ৰাইজে তিতা-কেঁহা খোৱা বুলিহে কটাক্ষ কৰে ৷ চৰকাৰখনৰ কোনো পৰিকল্পনা নথকাৰ বাবেই তথা বিভাগীয় মন্ত্ৰীগৰাকীৰ অকৰ্মণ্যতাৰ বাবে ৰাইজে গৰাখহনীয়াৰ কৱলত পৰা বুলিও অভিযোগ কৰে বিৰোধী দলৰ উপ দলপতি তথা বিধায়ক ৰকিবুল হুছেইনে ৷