অসম

assam

ETV Bharat / state

গৃহমন্ত্ৰীৰ দায়িত্বত থকা সময়ত দলীয় কৰ্মীৰ অনুৰোধত চাকৰি দিছিল ৰকিবুল হুছেইনে; নুৰুল হুদাৰ বিস্ফোৰক স্বীকাৰোক্তি - Allegation against Rakibul Hussain

চৰাই মৰে ৰৈ, মানুহ মৰে কৈ ৷ নিজৰ মুখৰ বাক্যই এতিয়া বিতৰ্কৰ মাজলৈ থেলি দিছে এগৰাকী কংগ্ৰেছ বিধায়কক ৷ কংগ্ৰেছৰ দিনত কোনে দিছিল চাকৰি ? দলীয় কৰ্মীৰ অনুৰোধত চাকৰি বিলোৱা মন্ত্ৰীগৰাকী কোন ? বিধায়ক নুৰুল হুদাৰ বিস্ফোৰক স্বীকাৰোক্তি...

Allegation against Rakibul Hussain
MLA Nurul Huda in controversy

By

Published : Jun 27, 2023, 7:51 PM IST

দলীয় কৰ্মীৰ অনুৰোধত চাকৰি দিছিল ৰকিবুল হুছেইনে

নগাঁও, 27 জুন: ‘‘দলীয় কৰ্মীৰ অনুৰোধতেই চৰকাৰী চাকৰি দিছিল তৰুণ গগৈ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত গৃহমন্ত্ৰীৰ দায়িত্বত থকা ৰকিবুল হুছেইনে ।’’ এই কথা আমাৰ নহয় ৷ কোনো বিৰোধী ৰাজনৈতিক দলৰ নেতাৰ অভিযোগো নহয় । এই বিষ্ফোৰক স্বীকাৰোক্তি ৰকিবুল হুছেইনৰে ঘনিষ্ঠ এগৰাকী কংগ্ৰেছী বিধায়কৰ । বিধায়কজনৰ নাম নুৰুল হুদা । বৰ্তমান ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা একালত আছিল ৰকিবুল হুছেইনৰ সোঁহাত স্বৰূপ । সেই নুৰুল হুদায়েই দিছে এক বিস্ফোৰক স্বীকাৰোক্তি ।

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথমটো কাৰ্যকালতেই ৰাজ্যৰ গৃহমন্ত্ৰীৰ দপ্তৰ লাভ কৰিছিল ৰকিবুল হুছেইনে । সেই সময়ত ৰকিবুল হুছেইনৰ অতি প্ৰিয়ভাজন আছিল চামগুৰি সমষ্টিৰ ব্লক পৰ্যায়ৰ নেতা নুৰুল হুদা । সেই সময়তেই এইগৰাকী নুৰুল হুদাই ৰকিবুল হুছেইনক অনুৰোধ কৰি সক্ষম হৈছিল চৰকাৰী চাকৰি দিবলৈ । নিজ মুখে স্বীকাৰ হুদাৰ ৷

ব্লক পৰ্যায়ৰ নেতাৰ পৰা বিধায়ক হ’লেও আজিও ৰকিবুল হুছেইনৰ আটাইতকৈ ঘনিষ্ঠ হিচাপেই পৰিচিত নুৰুল হুদা ৷ পিচে হুদাৰ মুখৰ পৰা ওলোৱা এনে মন্তব্যৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰায়েই বিতৰ্কত সাঙোৰ খোৱা বিধায়ক নুৰুল হুদাক ধিক্কাৰ বিভিন্নজনৰ । আনকি বিধায়ক নুৰুল হুদাক তদন্তৰ আওতালৈ আনি সেই সময়ত হোৱা চাকৰিৰো তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ এগৰাকী নগঞা যুৱকৰ ।

লগতে পঢ়ক:Clash Between TMC and BJP: পশ্চিমবংগত প্ৰাক নিৰ্বাচনী হিংসা; 1জন নিহত, 5জন আহত

আচলতে ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজক সমালোচনা কৰিবলৈ গৈয়েই বিধায়ক নুৰুল হুদাই কৰিলে এনে বিস্ফোৰক মন্তব্য । প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বহু তথ্য থকাৰ কথা উল্লেখ কৰি বিস্ফোৰণ ঘটিব পৰা তথ্য ফাদিলৰ হুংকাৰো দিয়ে বিধায়ক নুৰুল হুদাই ।

ইয়াৰ পিছতেই বিধায়ক নুৰুল হুদাক উভতি ধৰি কি তথ্য আছে ফাদিল কৰিবলৈ নুৰুল হুদাক প্ৰত্যাহ্বান জনালে প্ৰাক্তন বিধায়ক আব্দুল আজিজে ।সংখ্যালঘু অধ্যুষিত এলেকাত কংগ্ৰেছৰ টিকটৰ গুৰুত্ব থকাৰ কথাও উল্লেখ কৰিলে আব্দুল আজিজে । একমাত্ৰ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হোৱাৰ বাবেই নুৰুল হুদাই ৰূপহীহাটৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰি বিধায়ক হোৱাৰ সুযোগ লাভ কৰিছে বুলি দাবী কৰিলে আজিজে ।

নুৰুল হদাৰ মন্তব্য কিমান সত্য, চাকৰি প্ৰদানৰ ক্ষেত্ৰত সঁচাকৈয়ে ৰকিবুল হুছেইনে সংঘটিত কৰিছিল নেকি এনে কাণ্ড ? যদি এই মন্তব্য সত্য হয়, খাল খান্দি ঘঁৰিয়াল চপোৱাৰ দৰে হ’ব নেকি নুৰুল হুদাই ? চাকৰি বিষয়টো আহিব নেকি তদন্তৰ আওঁতালৈ ? এই সকলো বিষয় লক্ষ্যণীয় হ’ব পৰৱৰ্তী সময়ত ৷

ABOUT THE AUTHOR

...view details