অসম

assam

ETV Bharat / state

নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ বিধায়ক আমিনুল ইছলামৰ - নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ বিধায়ক আমিনুল ইছলামৰ

বিগত কেইদিন ধৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ তুলি আজিও বিতৰ্ক তথা চৰ্চাৰ বিষয় হৈ আছে ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম ৷ আমিনুল ইছলামৰ বিস্ফোৰক অভিযোগৰ বিৰুদ্ধে সমষ্টিবাসীয়ে মৈমাবাৰীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

rajor dol protest againts aminul islam in dhing
নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ বিধায়ক আমিনুল ইছলামৰ

By

Published : Aug 12, 2021, 10:23 PM IST

ধিং, 12 আগষ্ট :প্ৰায়ে বিতৰ্কৰ আৱৰ্তত থাকে নগাঁও জিলাৰ ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম ৷ বিগত কেইদিন ধৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ তুলি আজিও বিতৰ্ক তথা চৰ্চাৰ বিষয় হৈ আছে ধিঙৰ বিধায়কগৰাকী ৷ অভিযোগটো আছিল 10 কোটি টকীয়া ৷

বিধায়ক গৰাকীৰ এই গুৰুতৰ অভিযোগটো এতিয়াও সহজভাৱে ল'ব পৰা নাই অখিল গগৈৰ লগতে নৱগঠিত ৰাইজৰ দলে ৷ সমান্তৰালভাৱে এই অভিযোগৰ বাবে নিজ সমষ্টিবাসীৰে সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে বিধায়ক আমিনুল ইছলাম ৷ এক কথা ক'বলৈ গ’লে আমিনুল ইছলামৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ধিংবাসী ৷

নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ বিধায়ক আমিনুল ইছলামৰ

লগতে পঢ়ক:গাঁওৰক্ষীৰ সৈতে ফুৰিবলৈ গৈ অন্তঃসত্বা হ’ল কিশোৰী

শেহতীয়াকৈ আমিনুল ইছলামৰ বিস্ফোৰক অভিযোগৰ বিৰুদ্ধে সমষ্টিবাসীয়ে বৃহস্পতিবাৰে মৈমাবাৰীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ ধিং সমষ্টিৰ ৰাইজৰ দলৰ উদ্যোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদী কাৰ্যসূচীত শতাধিক ৰাইজৰ দলৰ কৰ্মীৰ লগতে সাধাৰণ লোকে অংশ গ্ৰহণ কৰে ৷

ৰাইজৰ দলৰ প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে'কাৰ্ড লৈ বিধায়ক আমিনুল ইছলামে ক্ষমা নুখুজিলে সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷ ইয়াৰ লগতে বিধায়ক আমিনুল ইছলাম মুৰ্দাবাদ, ধৰ্মীয় ৰাজনীতি বন্ধ কৰক, আমিনুল গ'বেক, অখিল গগৈ জিন্দাবাদ আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰে ৰাইজৰ দলৰ প্ৰতিবাদকাৰী সকলে ৷

প্ৰতিবাদৰ সময়ত মৈৰাবাৰী বজাৰৰ ব্যৱসায়িকে ধৰি কুৰিৰো অধিক সাধাৰণ লোকে ৰাইজৰ দলৰ এই প্ৰতিবাদী কাৰ্যসূচীক মুকলিভাবে সমৰ্থন জনোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ

ABOUT THE AUTHOR

...view details