নগাঁও, 6মাৰ্চ:ক্ৰমান্বয়ে যেন তেওঁ এলাগী হৈ পৰিছে ,হয়টো দূৰত্বও বাঢ়িছে শীৰ্ষ নেতৃত্বৰে ৷ কি 2019ৰ লোকসভা নিৰ্বাচন,কি 2021ৰ বিধানসভা নিৰ্বাচন ৷ দলীয় টিকট লাভ কৰাৰ ক্ষেত্ৰত প্ৰতিবাৰেই ব্যৰ্থ এসময়ৰ শক্তিশালী নেতাগৰাকী ৷ 1999 চনৰ পৰা একেৰাহে 2014 চন পৰ্যন্ত চাৰিবাৰকৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন সাংসদ তথা মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি এইগৰাকী ৰাজেন গোঁহাইৰ ৰাজনৈতিক জীৱনত যেন কোনোবাখিনিত কেনা লাগিল ৷ হয়টো ন-বিজেপিৰ ৰাজনীতিৰ পাশাখেলত দিশহাৰা হৈ পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷
১৯৯১ চনৰে পৰা বিজেপিৰ সৈতে জড়িত এইগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই এতিয়া মানসিকভাৱে হৈ পৰিছে হতাশ ৷ নহ'বনো কিয় কাৰণ তেওঁ যে নিৰ্বাচনী ৰণৰ পৰাজিত যোদ্ধা নহয় ৷ এইগৰাকী টিকট বঞ্চিত প্ৰাক্তন সাংসদ তথা মন্ত্ৰী ৰাজেন গোঁহাইয়ে থোকাথুকি মাতেৰে সংবাদমাধ্যমক ক'লে, দলীয় পতাকা বুকুত লৈয়ে মই মৃত্যুবৰণ কৰিব বিচাৰোঁ ৷ জীৱনৰ শেষ নিশ্বাস পৰ্যন্ত মই বিজেপিতে থাকিম ৷ মই দলৰ পৰা পদত্যাগ নকৰোঁ ৷