চামগুৰি, 13 মাৰ্চ :শেহতীয়াকৈ দেখা গৈছিল ৰাজ্যিক বিজেপিত ইজনৰ পিছত সিজন অন্য দলৰ সদস্যই যোগদান কৰাৰ পিছত একাংশ জ্যেষ্ঠ বিজেপি নেতা-কৰ্মীয়ে এই সন্দৰ্ভত বিপৰীত স্থিতিত অৱস্থান কৰিছে ৷ এই সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে একাংশ নতুন বিজেপি নেতাৰ সম্পৰ্কে তীৰ্যক মন্তব্য কৰা পৰিলক্ষিত হৈছে (Rajen Gohain on new BJP leaders) ৷
দলৰ পুৰণিসকল এতিয়া অৱহেলিত গুৰুত্বহীন ব্যক্তি: মন্ত্ৰী ৰাজেন গোঁহাই - rajen gohain angry on state bjp leaders
পুৰণিগুদামত প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ দুখ প্ৰকাশ । ৰাজ্যিক বিজেপিত ইজনৰ পিছত সিজন অন্য দলৰ সদস্যই যোগদান সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ প্ৰতিক্ৰিয়া প্ৰকাশ (Rajan Gohain comments on new BJP leaders) ৷
উল্লেখ্য যে, দেওবাৰে নগাঁও জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পুৰণিগুদামস্থিত নতুন কাৰ্যালয় ভৱন উদ্ঘাটন অনুষ্ঠানত বিজেপি দলটোক কেন্দ্ৰ কৰি বহুকেইটি মন্তব্য আগবঢ়ায় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে(Rajan Gohain comments on new BJP leaders) ৷
সংবাদমাধ্যমযোগে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,"দলৰ পুৰণিসকল এতিয়া অৱহেলিত, গুৰুত্বহীন ব্যক্তি, নতুনকৈ দললৈ অহা নেতা-কৰ্মীয়ে দলটোক গ্ৰাস কৰি পুৰণি দৰিদ্ৰ কাৰ্য্যকৰ্তা সকলক দমন কৰাৰ প্ৰয়াস চলিছে বিজেপিত। পাম খেতি পৰীক্ষামূলক ভাৱে কৰক, নভবা-নিচিন্তাকৈ নহয়! তাৰ বিপৰীতে ছয়াবিন, মাকৈ, ষ্ট'বেৰী আদি ব্যৱসায় ভিত্তিক খেতিত চৰকাৰে মনোনিৱেশ কৰক (Former Union Minister Rajen Gohain expresses grief) ৷"
লগতে পঢ়ক :বিজেপিত যোগদান কৰিলেই সকলো জ্যেষ্ঠ হৈ পৰে : ভৱেশ কলিতা