নগাঁও,17 ছেপ্তেম্বৰঃ অগপ বিজেপিৰ মিত্ৰতা অটুট আছে যদিও নাগৰিকত্ব সংশোধনী আইক লৈ শাসকীয় বিজেপি দলৰ লগতে অংশীদাৰ দল অগপৰে মতবিৰোধ স্পষ্ট প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। ইয়াৰে যেন সুযোগৰ সন্ধানত এইবাৰ জেষ্ঠ্য বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। বৃহস্পতিবাৰে নগাঁৱৰ পুৰণিগুদামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজিত সেৱা সপ্তাহত অংশগ্ৰহণ কৰা বিজেপি নেতা ৰাজেন গোহাঁইৰ মন্তব্যত স্পষ্ট হ'ল এই কথা।
সংবাদ মাধ্যমৰ সন্মুখত নিজকে যথেষ্ট সক্ৰিয় বুলি দাবী কৰি বঢ়মপুৰ সমষ্টিৰ পৰা আকৌ এবাৰ অসমবাসীৰ সেৱা কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। দলৰ নেতৃত্বই সুযোগ দিলে বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ কথা উল্লেখ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। দলে বিচাৰিলে ৰাজেন গোহাঁইৰ পুত্ৰও আগন্তক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু বুলিও মন্তব্য কৰে ৰাজেন গোঁহাইয়ে।