নগাঁও, ৬ জানুৱাৰী: বৃহস্পতিবাৰে পুনৰ জামিন আবেদন নাকচ হোৱা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৭০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত গণ আন্দোলন আৰম্ভ হ'ব । মৰাণৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা ৰাইজৰ দলৰ প্ৰথম অভিৱৰ্তনৰ প্ৰথম দিনাই দলটোৰ মুখ্য আহ্বায়ক মণ্ডলীয়ে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ।
অখিল গগৈৰ মুক্তিৰ দাবীত ৭০টা সংগঠনৰ নেতৃত্বত আৰম্ভ হ'ব গণ আন্দোলন - ৭০টা সংগঠনৰ নেতৃত্বত আৰম্ভ হ'ব গণ আন্দোলন
কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৭০টা সংগঠনৰ নেতৃত্বত আৰম্ভ হ'ব গণ আন্দোলন । ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব অখিল গগৈয়ে । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে ৰাইজৰ দলৰ আহ্বায়ক মণ্ডলীয়ে ।
অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাক লৈ ক্ষোভিত হৈ পৰিছে দলটোৰ কৰ্মকৰ্তাসকল । অখিল গগৈৰ ভয়ত চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে তেওঁক কাৰাবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে ৰাজ্যিক আহ্বায়ক মণ্ডলীয়ে । লগতে অখিল গগৈ কাৰাৰুদ্ধ হৈ থাকিলেও ৰাইজৰ দলে আগন্তক বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক উৎখাত কৰিব বুলিও দাবী কৰে । আনকি অখিল গগৈ ৰাইজৰ দলৰ সভাপতি হ'ব বুলিও সংবাদমেলত স্পষ্ট কৰি দিয়ে দলৰ নেতৃত্বই ।
ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়কে মন্তব্য কৰে যে,অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ যোগ্য আৰু এই কথা শাসকীয় পক্ষ আৰু বিৰোধী পক্ষই ভালদৰে জানে। সেয়ে, তেওঁৰ বিৰুদ্ধে কু-চক্ৰান্ত ৰচিছে বুলি মন্তব্য কৰে । অখিল গগৈক কাৰাবন্দী কৰি দলীয় কৰ্মকৰ্তাৰ মনোবল ভংগ কৰিব নোৱাৰে আৰু তেওঁলোকে দুগুণ উৎসাহেৰে কাম কৰি যাব বুলিও স্পষ্ট কৰি দিয়ে দলৰ নেতৃত্বই । ২০২১ত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব বুলিও সকিয়াই দিয়ে ।
লগতে পঢ়ক:ভাৰতীয় মুলৰ ড৹ ৰাজ আয়াৰ আমেৰিকান সেনাৰ চিআইঅ’ নিযুক্ত