অসম

assam

ETV Bharat / state

প্ৰফুল্ল মহন্তৰ বৰঘৰত ৰাইজৰ দলৰ খোপনি !

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বৰঘৰত খোপনি পুতিছে ৰাইজৰ দলে। গঠন কৰিলে দলটোৰ বঢ়মপুৰ সমষ্টি কমিটিখন। মহন্তক তীব্ৰ বাক্যবান ৰাইজৰ দলৰ।

By

Published : Nov 28, 2020, 5:42 PM IST

raijor-dol-meeting-at-nagaon-new-committee-formation-bahampur-constituency
প্ৰফুল্ল মহন্তৰ বৰঘৰত ৰাইজৰ দলৰ খোপনি !

নগাঁও,28 নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বৰঘৰত প্ৰৱেশ কৰিলে নৱগঠিত আঞ্চলিক দল ৰাইজৰ দলে । প্ৰফুল্ল কুমাৰ মহন্তই সুদীৰ্ঘকাল প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টিৰ পৰা এইবাৰ মহন্তক উৎখাতৰ সংকল্প ললে ৰাইজৰ দলে । শনিবাৰে এক ৰাজহুৱা সভাত নৱগঠিত দলটোৰ বঢ়মপুৰ সমষ্টি কমিটি গঠন কৰা হয় । সমষ্টিটোৰ কঠীয়াতলীত আয়োজিত এক সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে শাসকীয় বিজেপি আৰু কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰে দলটোৰ কেবাগৰাকী নেতা ।

প্ৰফুল্ল মহন্তৰ বৰঘৰত ৰাইজৰ দলৰ খোপনি !

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰা, ৰাইজৰ দলৰ ৰাজ্যিক মূখ্য আহ্বায়ক ৰুবুল দাসকে প্ৰমুখ কৰি কেইবাগৰাকী নেতাই প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰি মহন্তক সমষ্টিটোৰ পৰা বিদায় দিবলৈ আহ্বান জনায় উপস্থিত ৰাইজক । একেখন সভাতে ৰঞ্জিত ডেকাৰজাক সভাপতি হিচাপে বাছনি কৰি ৪১ জনীয়া ৰাইজৰ দলৰ বঢ়মপুৰ সমষ্টি কমিটি গঠন কৰে । দলটোৰ নগাঁও জিলা আহ্বায়ক নজৰুল ইছলামসহ কেইবাজনো নেতা উপস্থিত থকা সভাখনতে বঢ়মপুৰ সমষ্টিৰ কেবাগৰাকী অগপ কৰ্মীয়ে অনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে ।

লগতে পঢ়কঃ মুখত যি আহে তাকেই বকিছে হিমন্তই : অঞ্জলী দৈমাৰী

ABOUT THE AUTHOR

...view details