নগাঁও,9ফেব্ৰুৱাৰী:শংকৰদেৱ শিশু নিকেতনক লৈ বিতৰ্কিত মন্তব্য কৰি দলৰ পৰা নিলম্বিত হ'ল ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰকাশ বৰুৱা ৷ তিনিদিন পূৰ্বে ৰূপহীহাটৰ এখন সভাত আৰ এছ এছে শংকৰদেৱৰ নামত বিদ্যালয় স্থাপন কৰি অসমত ব্যৱসায় কৰা বুলি মন্তব্য কৰাৰ লগতে নিকেতনত শংকৰদেৱৰ ফটোৰ সলনি বেলেগৰ ফটো থকা বুলি বিতৰ্কিত মন্তব্য কৰিছিল বৰুৱাই ৷
বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ দলৰ পৰা নিলম্বিত প্ৰকাশ বৰুৱা - ৰাইজৰ দল
শংকৰদেৱ শিশু নিকেতনক লৈ বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ দলৰ পৰা নিলম্বিত হ'ল দলৰ নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰকাশ বৰুৱা ৷ মঙলবাৰে তাৎক্ষণিকভাৱে প্ৰকাশ বৰুৱাক ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিয়ে নিলম্বন কৰে ৷
![বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ দলৰ পৰা নিলম্বিত প্ৰকাশ বৰুৱা raijor-dal-leader-suspension](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10562843-thumbnail-3x2-pic.jpg)
বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ দলৰ পৰা নিলম্বন প্ৰকাশ বৰু
বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ দলৰ পৰা নিলম্বন প্ৰকাশ বৰুৱা
তদুপৰি 2021ত অসমত শংকৰদেৱ নামত চলি থকা বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হ'ব বুলিও হুংকাৰ দিছিল নেতাগৰাকীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে তাৎক্ষণিকভাৱে প্ৰকাশ বৰুৱাক ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিয়ে নিলম্বন কৰে ৷
লগতে পঢ়কঃকিমিনৰ ঘটনাৰ প্ৰতিবাদত পহুমৰা-কিমিন সংযোগী পথ অৱৰোধ