অসম

assam

By

Published : Dec 26, 2020, 10:50 PM IST

ETV Bharat / state

ধিঙত ৰাইজৰ দলৰ আঞ্চলিক সমিতি গঠন

শনিবাৰে অনুষ্ঠিত হোৱা সভাখনতেই ৩৪ জনীয়া তাঁতী কটা আঞ্চলিক সমিতিখন গঠন কৰা হয়। সভাত সৰ্ব সন্মতি ক্ৰমে গঠন হোৱা আঞ্চলিক কমিটি খনৰ শহিদুল ইছলামক সভাপতি আৰু ৰিবুল ইছলামক সম্পাদক হিচাপে মনোনীত কৰে।

ধিঙত ৰাইজৰ দলৰ আঞ্চলিক সমিতি গঠন
ধিঙত ৰাইজৰ দলৰ আঞ্চলিক সমিতি গঠন

ধিং,26 ডিচেম্বৰঃ ধিং সমষ্টিৰ ৰাজনৈতিক প্ৰাণ কেন্দ্ৰ মৈৰাবাৰী তাঁতী কটা গাঁৱত শনিবাৰে ৰাইজৰ দলৰ ধিং বিধান সভা সমষ্টিৰ আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয় । নৱ গঠিত আঞ্চলিক ৰাইজৰ দলৰ ধিং সমষ্টি কমিটিৰ উপ-সভাপতি জাহাঙগীৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দলটোৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়াসকল উপস্থিত থাকে ।

ধিঙত ৰাইজৰ দলৰ আঞ্চলিক সমিতি গঠন

ৰাইজৰ দলৰ ধিং সমষ্টিৰ জিলা প্ৰতিনিধি নেকিবুৰ ৰহমান হাজৰিকা আৰু ধিং সমষ্টি কমিটীৰ সভাপতি ডাক্তৰ ৰীয়াজুদ্দিন আহমেদ উপস্থিত থাকি ভাষণ প্ৰদান কৰে । শনিবাৰে অনুষ্ঠিত হোৱা সভাখনতেই ৩৪ জনীয়া তাঁতী কটা আঞ্চলিক সমিতি খন গঠন কৰা হয়। সভাত সৰ্ব সন্মতি ক্ৰমে গঠন হোৱা আঞ্চলিক কমিটিখনৰ শহিদুল ইছলামক সভাপতি আৰু ৰিবুল ইছলামক সম্পাদক হিচাপে মনোনীত কৰে । ৰাইজৰ দলৰ সমিতি খন গঠনাৰ্থে আয়োজন কৰা সভাত তাঁতী কটা পঞ্চায়তৰ প্ৰায় দুই শতাধিক ভোটাৰ ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়কঃ টাৱাং ছেক্টৰত আইটিবিপিৰ নিৰাপত্তা সন্দৰ্ভত বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details