চামগুৰি, 26 জুলাই :সমাজ বিৰোধী প্ৰতিটো কাৰ্যকলাপৰ বিৰুদ্ধে বিশেষভাৱে তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷ যি ধৰণে আৰক্ষী-প্ৰশাসন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তৎপৰ হৈছে সেই একে ধৰণে সাধাৰণ লোকসকলো এই ক্ষেত্ৰত অধিক সচেতন হোৱা পৰিলক্ষিত হৈছে ৷ সোমবাৰে এখন বৃহৎ জুৱাখেলৰ বিৰুদ্ধে অভিযান চলায় কান্ধুলীমাৰিৰ ৰাইজে ৷
প্ৰকৃতে আৰক্ষীয়ে কৰিবলগীয়া কামখিনি ৰাইজে কৰিলে ৷ অভিযোগ অনুসৰি বহু দিনৰ পৰা ধিঙৰ কান্ধুলীমাৰিৰ নৈপৰীয়া অঞ্চলত একাংশ লোকে এখন বৃহৎ জুৱা খেলৰ আয়োজন কৰি আহিছিল ৷ পৰ্যায়ক্ৰমে এটা বৃহৎ জুৱা ঘাটিলৈ পৰিণত হৈছিল সেই নৈপৰীয়া অঞ্চলটো ৷
এই জুৱাৰ ঘাটিৰ বিৰুদ্ধে ৰাইজে ধিং আৰক্ষীক কেইবাবাৰো অৱগত কৰিছিল ৷ কিন্তু ৰাইজৰ অভিযোন অনুসৰি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ধিং আৰক্ষীয়ে ৷ অৱশেষ জুৱাৰ ঘাটিটো উচ্ছেদ কৰিবৰ বাবে একত্ৰিতভাৱে ওলাই আহে কান্ধুলীমাৰিৰ ৰাইজ ৷
জুৱাৰ ঘাটিত অভিযান কান্ধুলীমাৰিৰ ৰাইজৰ লগতে পঢ়ক :অসমৰ কাৰ্গিল বীৰ জিণ্টু গগৈ
কান্ধুলীমাৰিৰ আঞ্চলিক আমছুৰ সহযোগত জুৱাৰ ঘাটিটোত এক অভিযান চলাই কান্ধুলীমাৰিৰ ৰাইজে ৷ অভিযান কালত কেইবাজনো জুৱাৰীক ৰাইজে আটক কৰে যদিও বহুকেইজন জুলাৰী পালই যাবলৈ সক্ষম হয় ৷ স্থানীয় লোকে সদৰি কৰা মতে জুৱাৰ ঘাটিৰ পৰা পাঁচখন মটৰ চাইকেলৰ লগতে কিছু পৰিমাণে জুৱাৰ সামগ্ৰী জব্দ কৰে ৰাইজে ৷
স্থানীয় লোকে সদৰি কৰা মতে, কেইবাজনো জুৱাৰীয়ে ৰাইজৰ ৰোষত পৰা ভয়ত কাষতে থকা নদীৰ পানীত জাঁপ দিয়ে ৷ কিন্তু ৰাইজৰ তৎপৰতা পানীত জাঁপ দিয়া কেইবাজনো জুৱাৰীক পানীতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ খেদি খেদি কৰায়ত্ব কৰা হয় জুৱাৰী কেইটাক ৷
উক্ত ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় ধিং আৰক্ষী । আৰক্ষীয়ে বাইক সহ জুৱাৰী কেইটাক ৰাইজ পৰা নিজৰ জিম্মাত লয় ৷ এই সমগ্ৰ ঘটনাক লৈ ক্ষোভিত হৈ পৰিছে ধিং কান্ধুলীমাৰিৰ ৰাইজ ৷ দীৰ্ঘদিন ধৰি চলি অহা এই জুৱা খেলখন বন্ধ কৰিবলৈ ধিং আৰক্ষীক ৰাইজে বাৰম্বাৰ অৱগত কৰি আহিছিল যদিও কিয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷
লগতে পঢ়ক :অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ