বসন্তৰ আগমনৰ আনন্দঃ তিৱা জনগোষ্ঠীয়ে পালন কৰিলে ছাগ্ৰা মিছৱা - তিৱা
প্ৰথম দিনা তিৱাসকলৰ ছামাদি অৰ্থাৎ ডেকা চাঙৰ পৰা আৰম্ভ কৰা হয় এই ছাগ্ৰা মিছৱা উৎসৱ। তাৰ পিচৰ প্ৰতিটো দিনতেই পালন কৰা হয় নানা ধৰ্মীয় কাৰ্যাসূচী ৷ নৃত্য-গীতৰ জৰিয়তে অপায়-অমংগল দূৰ হোৱাৰ লগতে সমাজত শান্ত-সম্প্ৰীতি অটুত ৰখাৰ বাবে প্ৰাৰ্থন জনায় ৰহাৰ বৰ আমৰিৰ তিৱা লোকসকলে ৷
ৰহাৰ বৰ আমৰিত সামৰণি পৰিল তিৱা বসন্ত উৎসৱ
ৰহা, 30 মাৰ্চঃকৃষি আৰু প্ৰকৃতিয়েই সংস্কৃতিৰ আধাৰ ৷ বসন্তৰ আগমনত আনন্দিত ৰহাৰ তিৱা লোকসকলে আনন্দ-উছাহেৰে পালন কৰিলে ছগ্ৰা মিছৱা নামেৰে জনাজাত তেওঁলোকৰ পৰম্পৰাগত বসন্ত উৎসৱ ৷ মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই পৰম্পৰাগত উৎসৱৰ শনিবাৰে সামৰণি পৰে ৷ অন্তিম দিনটোত স্বকীয় গীত-নৃত্যৰে আনন্দ উপভোগ কৰে জনগোষ্ঠীটোৰ লোকসকলে ৷