ৰহা, 25 মাৰ্চঃ ২১ দিনীয়া তলা বন্ধ ঘোষণাৰ পিচতো একাংশ আইন নমনা লোকৰ বিৰুদ্ধে কঠোৰ হ'ল ৰহা আৰক্ষী প্ৰশাসন ৷ আইন অমান্য কৰা লোকৰ বিৰুদ্ধে বুধবাৰে সন্ধিয়া ৰহাত প্ৰশাসনে চলালে এক অভিযান ৷ এই অভিযানত ৰহা নগৰৰ পথত ঘূৰি ফুৰা একাংশ লোকক আঠু কঢ়াই শাস্তি প্ৰদান কৰে আৰক্ষীৰ লোকে ৷ লগতে সন্ধিয়া ভাগত আৰক্ষীৰ এক তহলদাৰী দলে এই তলাবন্ধ ঘোষণাক অমান্য কৰা একাংশ লোকক লাঠিৰে কোবাই পথৰ পৰা খেদি পঠাবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয় ৷
ৰহাত আইন নমনা একাংশক আঁঠু কঢ়ালে আৰক্ষীয়ে - ২১ দিনীয়া তলা বন্ধ
তলা বন্ধৰ সময়ত আইন অমান্য কৰা একাংশ লোকৰ বিৰুদ্ধে বুধবাৰে ৰহা আৰক্ষী প্ৰশাসনে এক অভিযান চলালে ৷ এই অভিযানত পথলৈ ওলাই অহা একাংশ লোকক আঠু কঢ়োৱাৰ লগতে লাঠিৰে প্ৰহাৰ কৰে আৰক্ষীৰ লোকে ৷

আঁঠু কঢ়ালে আৰক্ষীয়ে