ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতালৈ ৰহাৰ স্তুতি দেৱী - বিদ্যা ভাৰতী
বিদ্যা ভাৰতীৰ ৩২ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত ৰহা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী ৷

ৰহা, 22 চেপ্তেম্বৰঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অহা ২ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ ৷ প্ৰয়াগৰাজত অনুষ্ঠিত হ’বলগা বিদ্যা ভাৰতীৰ ৩২ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ যোগাসন প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হৈছে ৰহা শংকৰদেব শিশু বিদ্যা নিকেতনৰ স্তুতি দেৱী নামৰ ছাত্ৰীগৰাকী ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই যোগাসন প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে সাজু হৈছে ৰহা ৰজাগাঁওৰ নিবাসী নকুল চন্দ্ৰ নাথৰ কন্যা তথা ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী স্তুতি দেৱী ৷