অসম

assam

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 12:51 PM IST

ETV Bharat / state

MLA Dimbeswar Das passes away: পঞ্চভূতত বিলীন হ'ল ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ নশ্বৰদেহ

শনিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰহা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসে । দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন বিধায়কগৰাকী ।

MLA Dimbeswar Das passes away
পঞ্চভূতত বিলীন হ'ল ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ নশ্বৰ দেহ

পঞ্চভূতত বিলীন হ'ল ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ নশ্বৰ দেহ

ৰহা, 5 নৱেম্বৰ : পঞ্চভূতত বিলীন হ'ল ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ নশ্বৰদেহ। শনিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন বিধায়কগৰাকী। কিন্তু চিকিৎসাধীন অৱস্থাতে শনিবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 73 বছৰ।

তাৰ পিচতে নিশাই প্ৰাক্তন বিধায়কগৰাকীৰ মৃতদেহ ৰহাৰ নিজা বাসভৱনলৈ অনা হয় ৷ দেওবাৰে পুৱা বিধায়ক শশীকান্ত দাস, প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস, বিজেপিৰ নেতা-কৰ্মী তথা অগণন গুণমুগ্ধই প্ৰাক্তন বিধায়কগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। দুপৰীয়া প্ৰাক্তন বিধায়কগৰাকীৰ নশ্বৰদেহ লৈ শোভাযাত্ৰা কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ নিয়াৰ পিচত নিজা ভূমিতে শেষকৃত্য সম্পন্ন কৰা হয়।

মৃত্যুৰ সময়ত তেখেতে পত্নী, এগৰাকী কন্যা, জোঁৱাইৰ লগতে বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়। সৰুৰে পৰা সামাজিক কামত জড়িত থকা ডিম্বেশ্বৰ দাসে 2016 চনৰ বিধানসভা নিৰ্বাচনত ৰহা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৈ বিপুল ভোটত জয়ী হৈছিল। 1950 চনত জন্মগ্ৰহণ কৰা প্ৰাক্তন বিধায়কগৰাকীয়ে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ গৱেষণা আৰু বিশ্লেষণ শাখা (RAW) ত যোগদান কৰিছিল।

1990 চনত চাকৰি ইস্তফা দি 1994 চনত অগপত যোগদান কৰে আৰু ৰহা গাঁও পঞ্চায়তৰ সভাপতি পদত নিৰ্বাচিত হয় । 2006 চনৰ বিধানসভা নিৰ্বাচনত ডিম্বেশ্বৰ দাসে অগপৰ প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও কম ভোটৰ ব্যৱধানত পৰাজিত হৈছিল।

পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰে আৰু 2016 চনৰ বিধানসভা নিৰ্বাচনত প্ৰায় 77 হাজাৰ ভোট লাভ কৰি জয়ী হয়। 2022 চনৰ শেষৰ ফালে বিধায়কগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় । অৱশেষত চিকিৎসাধীন অৱস্থাতে শনিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ইহসংসাৰৰ পৰা মেলানি মাগে ৰহাৰ জনপ্ৰিয় নেতাগৰাকীয়ে ৷

লগতে পঢ়ক:Allegation Against EX Minister Family: পুত্ৰৰ বদ স্বভাৱৰ কথা কিয় লুকুৱাইছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই, শুনক ভুক্তভোগীৰ মুখেৰে

ABOUT THE AUTHOR

...view details