অসম

assam

ETV Bharat / state

EX MLA Dimbeswar Das Death : ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ মৃত্যু, ভিন্ন মহলৰ শোক প্ৰকাশ

শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসে ৷ কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন বিধায়কগৰাকীয়ে চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত মৃত্যুক আকোঁৱালি লয় ৷ সমাজপ্ৰিয় ব্যক্তি হিচাবে পৰিচিত দাসৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোঁকৰ ছাঁ পৰা দেখা গৈছে ৷

EX MLA Dimbeswar Das Death
ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 10:55 PM IST

ৰহা, 4 নৱেম্বৰ :ৰহা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসে শনিবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত প্ৰাক্তন বিধায়কগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰে সমগ্ৰ ৰহা অঞ্চল তথা সমষ্টিত শোকৰ ছাঁ পেলাইছে ।

জানিব পৰা মতে দীৰ্ঘদিন ধৰি ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল । উল্লেখ্য যে, প্ৰাক্তন বিধায়কগৰাকীয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাবে ৰহা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আৰু ৰহা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল ।

আনহাতে বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ডিম্বেশ্বৰ দাসে ৷ উক্ত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শশীকান্ত দাসৰ হাতত পৰাস্ত হয় বিজেপি প্ৰাৰ্থী ডিম্বেশ্বৰ দাস ৷ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ৰহা নগৰৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা, অল্পভাষী, সাধাৰণভাৱে জীৱন-নিৰ্বাহ কৰি ভালপোৱা দাসৰ মৃত্যুত ৰহাৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে ।

আনহাতে ৰাজ্যৰ প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো শোক প্ৰকাশ কৰে ৷ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ৰহা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ পৰলোকপ্ৰাপ্তিৰ বাতৰিয়ে তেওঁক অতিশয় মৰ্মাহত কৰে ৷ এগৰাকী সমাজপ্ৰিয় ব্যক্তি হিচাবে পৰিচিত দাসৰ বিয়োগ সমাজ-ৰাজনৈতিক ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক :Bhupen Hazarika death anniversary 2023: দেওবাৰে ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী, লখৰাত ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details