ৰহা আৰক্ষীৰ হাতত গৰু চোৰঃ উদ্ধাৰ 23টা গৰু - গৰু চোৰ
আৰক্ষীৰ মতে,অভিযুক্ত লোককেইজনে গৰু কেইটা হোজাই জিলাৰ দেৱস্থান বজাৰৰ পৰা ক্ৰয় কৰি অনা বুলি কয় যদিও তেওঁলোকে দাবী কৰাৰ বিপৰীতে কোনো ধৰণৰ ক্ৰয় কৰা নথি দেখুৱাব নোৱাৰাত তেওঁলোকক আটক কৰে আৰক্ষীয়ে ।
ৰহা,17 জুলাইঃ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰহা আৰক্ষীয়ে মঙলবাৰে কৰায়ত্ত কৰে ৬ টা গৰু চোৰক । আৰক্ষী সূত্ৰৰ মতে, ৰহা আৰক্ষীয়ে সোমবাৰে নিশাৰে পৰা ৰহা টোল গেটত চেকিঙৰ ব্যৱস্থা কৰে আৰু মঙলবাৰে ২৩ টা গৰু লৈ নগাঁও-গুৱাহাটী পথত অহা এখন ট্ৰাকত অভিযান চলাওতেই উদ্ধাৰ হয় গৰু কেইটা। আনহাতে AS-01DC-2527 নম্বৰৰ ট্ৰাকখনত অহা চইফ উদ্দিন আহমেদ,ৰফিকুল ইচলাম,আব্দুল চাহিদ,আনোৱাৰ হুচেইন,মাৰম আলি আৰু ৰঞ্জিত সিং নামৰ ৬ জন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ মতে, অভিযুক্ত লোককেইজনে গৰু কেইটা হোজাই জিলাৰ দেৱস্থান বজাৰৰ পৰা ক্ৰয় কৰি অনা বুলি কয় যদিও তেওঁলোকে দাবী কৰাৰ বিপৰীতে কোনো ধৰণৰ ক্ৰয় কৰা নথি দেখুৱাব নোৱাৰাত তেওঁলোকক আটক কৰে আৰক্ষীয়ে।