ৰহা,17মেঃ নগাঁও জিলাৰ ৰহাৰ চাপৰমুখ ৰে'ল ষ্টেচনত উপস্থিত কইম্বাটুৰ-ডিব্ৰুগড় শ্ৰমিকৰ বিশেষ ৰে'ল । দেওবাৰে পুৱা ৫.৩০ বজাত চাপৰমুখ ষ্টেচনত উপস্থিত হয় এই বিশেষ ৰে'লখন ৷ নগাওঁ, মৰিগাওঁ, হোজাই, পশ্চিম কাৰ্বি আংলং আদি জিলাৰ মুঠ ২২৩ জন যাত্ৰী নামে ৰে'লখনৰ পৰা।
চাপৰমুখত উপস্থিত বহিঃৰাজ্যত আবদ্ধ ২২৩ জন যাত্ৰী - উপায়ুক্ত লাচিত দাস
কইম্বাটোৰ-ডিব্ৰুগড় বিশেষ শ্ৰমিক ৰেলৰ পৰা দেওবাৰে পুৱা চাপৰমুখত নামিল ২২৩ জন যাত্ৰী ৷
চাপৰমুখত উপস্থিত বহিঃৰাজ্যত আবদ্ধ ২২৩ জন যাত্ৰী
ইয়াৰে নগাৱঁৰ ১৭৩ জন, মৰিগাৱঁৰ ৮জন, হোজাইৰ ২৫জন, পশ্চিম কাৰ্বি আংলঙৰ ২জন আৰু কাৰ্বি আংলঙৰ ১৫জন যাত্ৰী আছে বুলি জানিব পৰা গৈছে । জিলা প্ৰশাসনে ষ্টেচনতে স্কেনিং কৰাৰ পিছত সকলোকে নিজ নিজ জিলাৰ কোৱাৰেণ্টাইন কেম্পলৈ প্ৰেৰণ কৰা হয় । অৱশ্যে যাত্ৰীসকল বৰ্তমানলৈ সুস্থ হৈ আছে বুলি নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাসে জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ দিল্লীত কৰ'ণাত আক্ৰান্ত 8 জন অসমীয়া জোৱান সম্প্ৰতি সুস্থ