অসম

assam

ETV Bharat / state

ৰহাত CAA ৰ বিৰোধিতাৰে ব্যতিক্ৰমী ভেলাঘৰ - অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু

ৰহাৰ আমচৈৰ সমীপৱৰ্তী কেকোঁৰা গাঁৱৰ লোকসকলে ব্যতিক্ৰমী আৰ্হিৰে সাজি উলিয়াইছে এটা ভেলাঘৰ ৷ ভেলাঘৰটোৰ ওপৰত নিৰ্মাণ কৰিছে মূৰত এটা পাচি লৈ এগৰাকী মহিলা আৰু এদল লোক, লগত আছে এখন নাও ৷

ব্যতিক্ৰমী ভেলাঘৰ
ব্যতিক্ৰমী ভেলাঘৰ

By

Published : Jan 13, 2020, 11:35 AM IST

ৰহা, 13 জানুৱাৰীঃপদুলি মুখত আহি পালেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু ৷ ভোগালী বিহু উপলক্ষে এতিয়া ভিন্ন ধৰণে প্ৰস্তুতি চলিছে ৰাজ্যজুৰি ৷ ভোগালীক লৈ ব্যস্ত সকলো ৷

সমান্তৰালকৈ ৰহাৰ আমচৈৰ সমীপৱৰ্তী কেকোঁৰা গাঁৱতো দেখিবলৈ পোৱা গৈছে ভোগালীৰ ব্যাপক প্ৰস্তুতি ৷ সাজু হৈছে উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ ভেলাঘৰো ৷ কিন্তু এক ব্যতিক্ৰমী আৰ্হিৰে স্থানীয় লোকে সাজি উলিয়াইছে ভেলাঘৰটো ৷ বৰ্তমান সময়ত CAA ক লৈ অসমবাসী সৰৱ হৈ থকাৰ সময়তে কেকোঁৰা গাঁওবাসীয়ে এই আইনৰ প্ৰতি প্ৰতিবাদ ব্যক্ত কৰি সাজিছে ভেলাঘৰটো ৷ ভেলাঘৰটোৰ ওপৰত নিৰ্মাণ কৰিছে মূৰত এটা পাচি লৈ এগৰাকী মহিলাই থিয় হৈ থকা দৃশ্য, লগত আছে এখন নাও ৷ লগতে এদল মানুহ অগ্ৰসৰ হৈছে পাৰ অভিমুখে ৷

ৰহাত CAA ৰ বিৰোধিতাৰে ব্যতিক্ৰমী ভেলাঘৰ

স্থানীয় শিল্পী ৰজত পাটৰ আৰু স্থানীয় লোকৰ সহযোগত নিৰ্মাণ কৰা এই প্ৰতীকৰ অৰ্থ হৈছে অসমী মাতৃয়ে পূৰ্বৰে পৰা বিদেশীৰ বোজা লৈ থকা সত্বেও, পুনৰ বাংলাদেশৰ পৰা কুশিয়াৰা নদী পাৰ হৈ সন্তানসহ বিনা দ্বিধাই বিদেশীয়ে প্ৰৱেশ কৰিছে অসমত ৷ এনেদৰেই ভোগালীৰ আনন্দৰ সমান্তৰালকৈ এতিয়া CAA ৰ বিৰোধিতাও কৰিছে অসমবাসীয়ে ৷

লগতে পঢ়কঃ মেজিৰ অগ্নিক সাক্ষী কৰি CAA বাতিলৰ দাবীৰে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিব লখিমপুৰবাসীয়ে

ABOUT THE AUTHOR

...view details