ধিং, ১৯ছেপ্টেম্বৰ: মৈৰাবাৰী মহাবিদ্যালয়ত 'শংকৰদেৱ-মাধৱদেৱৰ সাহিত্যৰাজি' শীৰ্ষক কুইজ প্ৰতিযোগিতা (Quiz Competition at Moirabari College) অনুষ্ঠিত হয় । মৰিগাঁৱ জিলাৰ মৈৰাবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মৈৰাবাৰী মহাবিদ্যালয়ৰ আলোচনা গৃহত সোমবাৰে দিনৰ ১ বজাত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এই কুইজ প্ৰতিযোগিতাখনি ।
উক্ত কুইজ প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে ৰাণী বিলকিছ, ৰাজীৱ হুছেইন আৰু শ্বাৰিব জিয়াৰ দলটোৱে । আনহাতে, দ্বিতীয় স্থান লাভ কৰে অসমীয়া বিভাগৰ স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী আয়েশ্বা ছিদ্দিকা, নাৰগিছ ছুলতানা আৰু খাইৰুন নেহাৰৰ দলটোৱে । প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক একোখনকৈ প্ৰমাণ পত্ৰ, স্মাৰক ট্ৰফী আৰু কিতাপেৰে পুৰস্কৃত কৰা হয় । লগতে অংশগ্ৰহণকাৰী সকলো প্ৰতিযোগীকে একোটাকৈ কলম উপহাৰ দিয়া হয় ।