অসম

assam

ETV Bharat / state

কামপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ

গ্ৰামাঞ্চলৰ বাটপথ পকীকৰণ কৰাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা অধীনত আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু এই আঁচনিৰ জড়িয়তে কিমান উন্নয়ন হৈছে গ্ৰামাঞ্চলৰ বাটপথ, কি কৰিছে ঠিকাদাৰ আৰু গড়কাপ্টানি বিভাগৰ বিষয়াসকলে ৷ পথ নিৰ্মানৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৷

By

Published : Aug 22, 2020, 2:06 PM IST

PWD ROAD SCAM AT KAMPUR
কামপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বঢ়মপুৰ,22 আগষ্টঃ ৫ কোটি ১৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হৈ আছে এটা পথ ৷ ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে আধাৰশীলা স্থাপন কৰা কামপুৰ চাংচকীৰ পৰা গৰুবাট কুঁহিমাৰী হৈ ধেপাকুছিলৈ নিৰ্মাণ হব প্ৰায় ৮ কি:মি: দৈৰ্ঘ্যৰ পথটো ৷ ২০১৯ বৰ্ষৰ ৭ ছেপ্তেম্বৰতে নিৰ্মাণ সম্পূৰ্ন হ’ব লগা পথটোৰ দুৰৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব ৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ন কৰাৰ এটা বছৰ পাৰ হোৱাৰ পাছতো মাত্ৰ দুই তিনি কি:মি: পথ আৰু এটা কালভাৰ্ট নিৰ্মাণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ঠিকাদাৰ প্ৰাণকৃষ্ণ দত্তই ৷ যি দুই কি:মি: পথ নিৰ্মাণ কৰিছে তাৰো অৱস্থা অতি দুখ লগা,এফালৰ পৰা চপৰা চপৰে খহিছে পথটো,ছিৰাল ফাট মেলিছে পকী পথটোত ৷

কামপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ইপিনে শ্যাম কনষ্ট্ৰাকচনৰ নামত থকা ঠিকাদাৰ গৰাকীয়ে কালভাৰ্ট নিৰ্মাণ কৰিছে পথতকৈ দুই তিনি ফুট চাপৰ ৷ যাৰ বাবে নৱনিৰ্মিত কালভাৰৰ ওপৰৰে বাগৰিছে বাঢ়নী পানী ৷ স্থানীয় ৰাইজৰ অভিযোগ অতি নিম্ন মানৰ সামগ্ৰী আৰু ঠিকাদাৰৰ মইমতালিৰে নিৰ্মাণ কৰাৰ বাবে পথটোৰ এই দূৰৱস্থা সৃষ্টি হৈছে ৷ ঠিকাদাৰৰ বিৰুদ্ধে লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ৷

কামপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ

পথটো নিৰ্মাণ কাৰ্য চোৱাচিতা দায়িত্ব গড়কাপ্তানি বিভাগৰ আছিল যদিও বৰ্তমান কুম্ভকৰ্ণ নিদ্ৰাত কামপুৰ উত্তৰ-পূৱ পৰিষদৰ কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়া ৷ ঠিকাদাৰ প্ৰাণকৃষ্ণ দত্ত হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হোৱাৰ বাবেই নেকি, চকু মুদা কুলিৰ ভাও ধৰিছে গড়কাপ্তানি বিভাগে ৷ এতিয়া প্ৰশ্ন হয়,সততে স্বচ্ছ আৰু নিকা বুলি দম্ভালি মৰা গড়কাপ্টানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহস হ’বনে এইসকল ঠিকাদাৰক নাকি লগাবলৈ, নে কমিচনৰ আশাত দুৰ্নীতি কৰিবলৈ ৰঙা দলিচা পাৰি দিব দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ সমূহক তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

কামপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ

লগতে পঢ়কঃKMSS ৰ নতুন ৰাজনৈতিক দলঃ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব অখিল গগৈ

ABOUT THE AUTHOR

...view details