নগাঁৱত পুষ্টি মাহ উপলক্ষে শোভাযাত্ৰা - আটি কামপুৰ
আটি কামপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ওলোৱা শোভাযাত্ৰাত অংগনবাডী কৰ্মী-সহায়িকা, স্বাস্থ্য কৰ্মী আৰু শতাধিক স্থানীয় সচেতন মহিলাই অংশগ্ৰহণ কৰে
নগাঁও, 15 চেপ্তেম্বৰঃ নগাঁও কামপুৰত ৰাষ্ট্ৰীয় 'পুষ্টি মাহ পালন' ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কঠিয়াতলি খণ্ডৰ উদ্যোগত আৰু কঠিয়াতলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত পালন কৰা হয় 'ৰাষ্ট্ৰীয় পুষ্টি মাহ' । নগাঁৱৰ কঠিয়াতলি খণ্ডৰ নিজ কামপুৰ পঞ্চায়তত পুষ্টি মাহ উপলক্ষে শোভাযাত্ৰা বাহিৰ কৰে । আটি কামপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ওলোৱা শোভাযাত্ৰাত অংগনবাডী কৰ্মী-সহায়িকা, স্বাস্থ্য কৰ্মী আৰু শতাধিক স্থানীয় সচেতন মহিলাই অংশগ্ৰহণ কৰে । গৰ্ভৱতী, প্ৰসূতি আৰু শিশু সকলৰ পুষ্টিহীনতাৰ দিশত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে শোভাযাত্ৰাৰ ওপৰিও সজাগতামূলক সভা আৰু গৰ্ভৱতী, প্ৰসূতি আৰু শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ।