অসম

assam

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:52 PM IST

ETV Bharat / state

কলিয়াবৰত বিকশিত অসমৰ বিপৰীত ছবি; বিশুদ্ধ খোৱাপানী পৰাও বঞ্চিত গাঁওবাসী

Drinking Water Facility : বিকশিত অসমৰ চৰকাৰী শঙ্খনাদৰ কাণ-তাল মৰা শব্দৰ মাজত নীৰৱে হেৰাই যায় দুখীয়া ভোটাৰৰ হা-হুতাশ । বিকশিত অসমত এটুপি বিশুদ্ধ পানীৰ বাবেও হাহাকাৰ । পিঁয়াহৰ পানী টুপিৰ বাবে একমাত্ৰ ভৰসা পাহাৰৰ জুৰি । কলিয়াবৰৰ আমদাংগা গাঁও বঞ্চিত জল জীৱন, অনাময়, বৃদ্ধ পেঞ্চন আদি চৰকাৰী আঁচনিৰ পৰা ।

কলিয়াবৰত বিকশিত অসমৰ বিপৰীত ছবি
কলিয়াবৰত বিকশিত অসমৰ বিপৰীত ছবি

বিশুদ্ধ খোৱাপানী পৰাও বঞ্চিত কলিয়াবৰৰ একাংশ গাঁওবাসী

কলিয়াবৰ, ৪ জানুৱাৰী :শেহতীয়াকৈ মহা আড়ম্বৰপূৰ্ণভাৱে দেশে 'আজাদী কা অমৃত মহোৎসৱ' পালন কৰে । তাত ভাষণৰ ভেল্কিবাজীৰে বিকশিত দেশৰ এখন ছবি দেশৰ জনগণৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰে । তেনে সময়তে বিকশিত অসমৰ চৰকাৰী শঙ্খনাদৰ কাণ-তাল মৰা শব্দৰ মাজত নীৰৱে হেৰাই গৈছে দুখীয়া ভোটাৰৰ হা-হুতাশ ।

যিসময়ত ৰাজ্যখনৰ উন্নয়নৰ জয়জয়-ময়ময় অৱস্থা নেতা-মন্ত্ৰীৰ ভাষণত আখৈ ফুটাদি ফুটে, ছপা-বৈদ্যুতিন মাধ্যমত বৰ বৰ হৰফেৰে উন্নয়নৰ জয়গান নিতৌ প্ৰচাৰিত হয়; সেই সময়ত কলিয়াবৰ মহকুমাৰ সীমামূৰীয়া একাংশ গঞাই এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে পাহাৰৰ জুৰিৰ পানীকে সাৰথি কৰিবলগীয়া হোৱা কথাই সচেতন মহলক চিন্তিত কৰি তুলিছে । কলিয়াবৰ মহকুমাৰ কুঠৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগৰিৰ আমদাংগা আৰু পাহাৰগুৰি গাঁৱৰ ৰাইজে এতিয়াও চৰকাৰী বহু আঁচনি লাভৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উঠিছে ।

বিশেষকৈ জল জীৱন, স্বাস্থ্য, অনাময়, বৃদ্ধপেঞ্চন, বিধৱা পেঞ্চনকে ধৰি অলেখ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলবাসীক । গঞাই এটুপি খোৱাপানীৰ বাবে বছৰ বছৰ ধৰি সংশ্লিষ্ট চৰকাৰী বিভাগ, স্থানীয় বিধায়ক, গাঁও পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ দাবী জনাই তাঁত-বাতি কৰি আহিছে যদিও আজি পৰ্যন্ত এটুপি বিশুদ্ধ খোৱাপানী গাঁওবাসীৰ বাবে সপোন হৈয়ে আছে ।

গঞাই পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানীকে বৈজ্ঞানিক পদ্ধতিৰে শোধন নকৰাকৈয়ে বছৰ বছৰ ধৰি সেৱন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে তিলমানো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । খৰালি বা বাৰিষা বতৰতো গাঁওখনৰ পুৰুষ-মহিলাই হাতে হাতে বাল্টি, চৰিয়া লৈ দৈনিক পুৱা-গধূলি পাহাৰৰ জুৰিৰ পানী আনিবলৈ যোৱা কাৰ্য অভ্যাসত পৰিণত হৈছে ।

ইফালে গাঁওবাসীয়ে অভিযোগ কৰি কয় যে নিৰ্বাচন আহিলেই ভোট বিচাৰি বহু নেতা-পালিনেতা আহে । নিৰ্বাচনত জয়ী হ'লেই গাঁওখনৰ পানীৰ বহুদিনীয়া সমস্যা সমাধান কৰা হ'ব বুলি প্ৰতিশ্ৰুতিও দিয়ে । কিন্তু নিৰ্বাচনত জয়ী হ'লেই গাঁওবাসীলৈ পিঠি দিয়ে । স্থানীয় বিধায়ক কেশৱ মহন্তকো গঞাই বহুবাৰ পানীৰ সমস্যাটো সমাধান কৰিবলৈ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত ৰাইজে সুফল নাপালে বুলি বৃহস্পতিবাৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি-সম্পাদককে ধৰি সদস্যসকলে অঞ্চলটো পৰিদৰ্শন কৰা সময়ত ক্ষুব্ধ গঞাই মন্তব্য কৰে ।

যিসময়ত ৰাজ্যৰ জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন নামৰ অভিলাষী আঁচনি ৰূপায়ণৰ গুণ-গান বখানিছে, সেই সময়ত কলিয়াবৰ সীমামূৰীয়া গাঁওখনৰ এই দুৰৱস্থাই এই আঁচনিৰ বিফলতাৰ বিপৰীত ছবিহে দাঙি ধৰিছে ।

লগতে পঢ়ক :দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ গৃহত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details