চামগুৰি,7 নৱেম্বৰঃ নগাঁৱৰ আগশাৰীৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠান অবিনশ্বৰ গোষ্ঠীয়ে শনিবাৰৰ পৰা দহ নৱেম্বৰ পৰ্য্যন্ত পুৰণিগুদামৰ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত দ্বাদশ অবিনশ্বৰ নাট সমাৰোহ অনুষ্ঠিত কৰিছে।
পুৰণিগুদামত অবিনশ্বৰ গোষ্ঠীৰ নাট সমাৰোহ শুভাৰম্ভ ক'ভিড-১৯ৰ সকলো ধৰণৰ নীতি নিৰ্দেশনা মানি সীমিত সংখ্যাক দৰ্শকৰ উপস্থিতিৰে এই নাট সমাৰোহ সফল কৰি তুলিব বুলি অবিনশ্বৰ গোষ্ঠীৰ সম্পাদক নাট্য কৰ্মী দীপক বৰাই এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে। নাট সমাৰোহ স্থলীতে হোৱা সংবাদমেল খনত এই কথা ঘোষণা কৰি বৰাই কয় যে,এই নাট সমাৰোহত মহাপুৰুষ শংকৰদেৱৰ সৃষ্ট পাঁচখনকৈ অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ’ব।
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ৰাইজৰ আৰ্থ সাহাৰ্যৰে এইবছৰ কেৱল অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া এই নাট সমাৰোহ খন এপ্ৰিল মাহতে অনুষ্ঠিত কৰাৰ সকলো ব্যৱস্থা হাতত লোৱা হৈছিল যদিও ক'ভিড-১৯ ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা লক ডাউনৰ বাবে এই নাট সমাৰোহ পিছুৱাই নিবলৈ বাধ্য হয় সাংস্কৃতিক গোষ্ঠীটোৱে।
সম্প্ৰতি ক'ভিড-১৯ৰ ভয়াৱহতাৰ পৰা জনসাধাৰণ মুক্ত হোৱা নাই যদিও ভাওনাস্থলিত প্ৰৱেশৰ পূৰ্বে ছেনীটাইজ তথা মাক্স ব্যৱহাৰ কৰাৰ উপৰিও মাত্ৰ এশ জন কলা-কুশলী তথা দৰ্শকৰ উপস্থিতিত সম্পূৰ্ণ চৰকাৰী ক'ভিড প্ৰট'কল পালন কৰিহে নাট সমাৰোহ খন সফল ভাৱে পৰিচালনা কৰাৰ পৰিকল্পনা কৰিছে অবিনশ্বৰ গোষ্ঠীৰ কৰ্মকৰ্তা সকলে।
লগতে পঢ়কঃ বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ