অসম

assam

ETV Bharat / state

পথ নিৰ্মাণৰ নামত পুৰণিগুদামত ঠিকাদাৰৰ মইমতালি - পুৰণিগুদামৰ এটা গুৰুত্বপূৰ্ণ পথৰ বাবে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে

আধাৰশিলা স্থাপন হ'ল কিন্তু নিৰ্মাণহে সম্পূৰ্ণ হোৱা নাই । দীৰ্ঘদিন ধৰি এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ নোহোৱাকলৈ ক্ষোভ নগাঁৱৰ পুৰণিগুদামবাসীৰ ।

puranigudam
পথ নিৰ্মাণৰ নামত পুৰণিগুদামত ঠিকাদাৰৰ মইমতালি

By

Published : Aug 6, 2021, 9:05 PM IST

চামগুৰি, ৬ আগষ্ট : নগাঁও জিলাৰ পুৰণিগুদামৰ এটা গুৰুত্বপূৰ্ণ পথৰ বাবে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে । বিভিন্ন কাৰণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিলে সেই পথটোৱেই হৈছে যান-বাহনসমূহ অহা যোৱা কৰা একমাত্ৰ পথ । কিন্তু পথটো পুনৰ নিৰ্মাণৰ নামত এতিয়া ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে । যাৰ বাবে বিভিন্ন ধৰণৰ সমস্যাত পৰিছে স্থানীয় ৰাইজ ।

ৰাইজৰ মতে কেইমাহমান পূৰ্বে এই পকী পথটো পুনৰ নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হৈছিল । কিন্তু আজিকোপতি পুনৰ নিৰ্মাণৰ নামত একেবাৰে কাম আগবঢ়োৱা নাই ঠিকাদাৰে । ৰাইজৰ অভিযোগ অতি লেহেমীয়া গতিত চলিছে পথটোৰ নিৰ্মাণৰ কাম । পূৰ্বৰ পথটো ভাঙি এতিয়া গোটেই পথটোতে সৰু বৰ শিল পেলাই থোৱা হৈছে ।

পথ নিৰ্মাণৰ নামত পুৰণিগুদামত ঠিকাদাৰৰ মইমতালি

যাৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে পথটোত । আনকি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়াও হৈছে অঞ্চলটোৰ কেইবাজনো লোক । ঠিকাদাৰ গোষ্ঠীৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ উত্থাপন কৰি পুৰণিগুদামৰ কলিতাচুকত ক্ষুদ্ধ হৈ পৰা দেখা গ'ল একাংশ ভুক্তভোগী স্থানীয় ৰাইজক ।

শ্ৰমিক তথা শিল-বালি আদি সামগ্ৰীৰ অভাৱ হোৱাৰ দোহাই দি পথ নিৰ্মাণৰ গতি লেহেমীয়া কৰা ঠিকাদাৰ গোষ্ঠীৰ মইমতালি বন্ধ কৰি যাতায়তৰ বাবে পথচোৱা অতি শীঘ্ৰেই সুচল কৰি তুলিবৰ বাবে স্থানীয় ৰাইজে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে সংশ্লিষ্ট বিভাগ তথা শাসনাধিষ্ঠিত চৰকাৰখনক । উল্লেখ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ চোৱা অৱৰোধ হ'লে পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীৰ সন্মুখৰ পৰা বাজিয়াগাঁও পৰ্যন্ত সুদীৰ্ঘ এই পথটোৰে অহা যোৱা কৰে যানবাহনসমূহ ।

বিগত প্ৰায় এমাহ পূৰ্বে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে এই বিশেষ পকী পথচোৱা পুনঃনিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল । কিন্তু আজিলৈ মেৰামতিৰ নামত কেৱল কেইটামান শিল পেলাইয়ে কাম সামৰিছে সংশ্লিষ্ট বিভাগ তথা ঠিকাদাৰে ।

লগতে পঢ়ক :খহনীয়াৰ কবলত গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়

ABOUT THE AUTHOR

...view details