অসম

assam

ETV Bharat / state

অংকীয়া ভাওনাত অভিনয় কৰাৰ বাবে বহিষ্কাৰ আঞ্চলিকৰ সভাপতি - SRIMANTA SANKARDEV SANGHA

বঢ়মপুৰ দৈনিক বজাৰস্থিত সাৰ্বজনীন বিষ্ণু মন্দিৰ প্ৰাংগণ তথা বজাৰ আস্থানত আয়োজিত মহাপুৰুষীয়া আদৰ্শৰে পৰিপুষ্ট ভাওনা "কলিৰ পৰাজয়" নাটকত অভিনয় কৰিবলৈ গৈ বিপদত পৰিছে এগৰাকী প্ৰকৃত শংকৰী শিল্পী তথা সংঘৰ সভাপতি কনকচন্দ্ৰ বৰা । শৈশৱৰ পৰাই শংকৰদেৱৰ সৃষ্টিৰাজিক জীৱনৰ সাধনা হিচাপে লৈ আগবঢ়া এইগৰাকী কনকচন্দ্ৰ বৰাক ভাওনাত অভিনয় কৰাৰ বাবেই আঞ্চলিকৰ সভাপতিৰ পৰা বহিষ্কাৰ কৰা হ'ল৷ ইয়াৰোপৰি ৫ বছৰলৈ প্ৰাথমিক সদস্য হোৱাৰ যোগ্যতা হেৰুৱাৰ উপৰিও নামাচাৰ্য হিচাপে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি সমগ্ৰ জিলাৰ প্ৰাথমিকে কঠোৰ শাস্তিৰ ফটোৱা জাৰি কৰে। শংকৰদেৱ সংঘৰ এই অবিবেচিত কাণ্ডই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত ৷

অংকীয়া ভাওনাত অভিনয় কৰাৰ বাবে বহিষ্কাৰ আঞ্চলিকৰ সভাপতি

By

Published : Jun 18, 2019, 5:12 PM IST

বঢ়মপুৰ, 18 জুনঃ গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠিত শংকৰদেৱ সংঘই সংকীৰ্ণ নিয়মৰ নামত স্বয়ং গুৰুজনাৰ কলা-কৃষ্টি তথা সৃষ্টিৰাজিক অপমান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বঢ়মপুৰত । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঢ়মপুৰ পাঞ্চজন্য আঞ্চলিক শাখাৰ ভকত-বৈষ্ণৱৰ গৰ্হিত সিদ্ধান্তই মহাপুৰুষ শংকৰদেৱ সংঘৰ ভিতৰ চ'ৰাত যে ধৰ্মীয় অসহিষ্ণুতা তীব্ৰতৰ হৈ উঠিছে তাৰেই প্ৰমাণ দাঙি ধৰিছে । সবিশেষ চাওঁক এই প্ৰতিবেদনত...

অংকীয়া ভাওনাত অভিনয় কৰাৰ বাবে বহিষ্কাৰ আঞ্চলিকৰ সভাপতি

ABOUT THE AUTHOR

...view details