নগাঁও, 9 আগষ্টঃ নগাঁৱৰ লুটুমাৰীত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ ৷ দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত লুটুমাৰী-যমুনামুখ পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে অঞ্চলবাসীক । পথচোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এতিয়া যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ।
বিধ্বস্ত পথত অতিষ্ঠ ৰাইজ
নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত লুটুমাৰী-যমুনামুখ পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে অঞ্চল বাসীক । পথচোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত জ্বলা-কলা খাব লগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে ৷
বিধ্বস্ত পথত অতিষ্ঠ ৰাইজ
৷চৰকাৰ তথা প্ৰশাসনে পথটো মেৰামতিৰ বাবে প্ৰতি কোনো গুৰুত্ব নোলোৱাত ক্ষুব্ধ হৈ পথচোৱা মেৰামতিৰ দাবীত ভূঁই প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে প্ৰতিবাদী ৰাইজে চৰকাৰ তথা গড়কাপ্তানি বিভাগক পথটো মেৰামতিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।