কলিয়াবৰ, 30 মে’:কাৰ্বি পাহাৰত পৰিষদীয় নিৰ্বাচনৰ বতাহ (KAAC Election 2022)৷ বছৰ বছৰ ধৰি উন্নয়ণৰ পৰা বঞ্চিত কাৰ্বি পাহাৰৰ ভোটাৰে কি ভাবে ? কলিয়াবৰ মহকুমাৰ সীমামূৰীয়া চুচেনধেন্তা সমষ্টিত(Socheng Dhenta Constituency) যোৱা বিশ বছৰে কি উন্নতি হ'ল ? নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযানে পাহাৰীয়া জিলাখনৰ নিৰ্বাচনী পৰিৱেশ ৷
কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক-ক্ষণত কলিয়াবৰ মহকুমাৰ সীমান্তৱৰ্তী ১৭ নং চুচেনধেন্তা পৰিষদীয় সমষ্টিৰ বিশ বছৰে পাৰিষদ হৈ থকাৰ পাছতো সামগ্ৰীক উন্নয়নৰ পৰা বঞ্চিত হৈ ৰ'ল ভোটাৰ ৰাইজ । বিগত ২০ বছৰে ১৭ নং চুচেনধেন্তা পৰিষদীয় সমষ্টি দখল কৰি থকা কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী কাছে ৰংপিপিৰ নিজা সমষ্টিত ৰাইজে নেদেখিলে উন্নয়নৰ মুখ (Kache Rongpipi of Socheng Dhenta Constituency) ।