অসম

assam

ETV Bharat / state

এটা মৃত্যুক কেন্দ্ৰ কৰি বাটমাৰীত উত্তেজনা

জাকিৰ হুছেইন নামৰ এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বটদ্ৰৱা থানাৰ অন্তৰ্গত বাটমাৰীত ৷ কিছুদিন পূৰ্বে এগৰাকী সমবায় সমিতিৰ সভাপতিৰ সৈতে ঠিকাক লৈ তৰ্কাতৰ্কি হৈছিল জাকিৰৰ ৷ যোৱা 13 ডিচেম্বৰৰত সমবায় সভাপতিজনে হত্যাৰ মানসেৰে জাকিৰক প্ৰহাৰ কৰি মুখত বিহ ঢালি দিয়াৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷

By

Published : Dec 17, 2020, 8:28 PM IST

nagaon murder
nagaon murder

চামগুৰি, 17 ডিচেম্বৰ : এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত বাটমাৰী । জাকিৰ হুছেইন নামৰ ব্যক্তিজনৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই গাঁওখনত নিশা উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অভিযোগ অনুসৰি, বাটমাৰী গাঁৱৰ জাকিৰ হুছেইন নামৰ ব্যক্তিজনে বটদ্ৰৱা সমবায় সমিতিৰ অধীনস্থ এটি পুখুৰী পাঁচ লাখ টকাত ঠিকাত লৈছিল । পৰৱৰ্তী সময়ত উক্ত পুখুৰীক কেন্দ্ৰ কৰিয়েই বটদ্ৰৱা সমবায় সমিতিৰ সভাপতি আৰু বাহাৰুল ইছলাম নামৰ ব্যক্তিজনৰ লগত জাকিৰ হুছেইনৰ কথাত কটাকটি হয় ।

পৰিয়ালৰ ভাষ্যমতে, যোৱা ১৩ ডিচেম্বৰৰ নিশাৰ ভাগত জাকিৰ হুছেইনে উক্ত পুখুৰীৰ পাৰৰ পৰা ফোনযোগে পৰিয়াল আৰু স্থানীয় গাঁওবুঢ়াক মুমূৰ্ষু অৱস্থাত অৱগত কৰে যে, সমবায় সমিতিৰ সভাপতি ৰফিকুল ইছলাম আৰু বাহাৰুল ইছলামে তেওঁক মাৰপিট কৰি মুখত বিহ ঢালি দিছে । পৰিয়ালৰ লোকে গাঁওবুঢ়াক লগত লৈ তৎক্ষণাত ঘটনা স্থলীৰ পৰা জাকিৰক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে, মঙলবাৰে দিনত গুৱাহাটীৰ এখন চিকিৎসালয়ত জাকিৰ হুছেইনৰ মৃত্যু হয় ।

এটা মৃত্যুক কেন্দ্ৰ কৰি বাটমাৰীত উত্তেজনা

স্থানীয় ৰাইজে জাকিৰ হুছেইনৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে নিশা বিভিন্ন শ্লোগানেৰে বাটমাৰী গাঁও উত্তাল কৰি তোলে । বৰ্তমানেও অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত ঘটনা স্থলীত বটদ্ৰৱা, জুৰীয়া, জাজৰি আৰু ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অতি শীঘ্ৰে অভিযুক্তক কৰায়ত্ত কৰাৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি কিছু শাম কাটে ।

লগতে পঢ়ক :অসমৰ যুৱকেই বাংগালুৰুত ধৰ্ষণ কৰি হত্যা কৰিলে অসমৰে মেধাৱী ছাত্ৰীক

ABOUT THE AUTHOR

...view details