অসম

assam

ETV Bharat / state

Electricity camp in Nagaon: মুখ্যমন্ত্ৰী ড৹ শৰ্মাক মিছলীয়া আখ্যা ননৈ গোমোঠা গাঁওবাসীৰ - বিদ্যুৎ কৰ্তন সন্দৰ্ভত

অসমৰে এখন গাঁৱত APDCL আক্ৰান্ত শিবিৰ । বিদ্যুতৰ অভাৱত নামঘৰত সমূহীয়া আশ্ৰয় গাঁওবাসীৰ । নামঘৰৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা এখন গাঁৱৰ গঞাৰ ৷

Electricity camp in Nagaon
অসমৰে এখন গাঁৱত APDCL আক্ৰান্ত শিবিৰ

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 2:34 PM IST

অসমৰে এখন গাঁৱত APDCL আক্ৰান্ত শিবিৰ

নগাঁও, 7 ছেপ্টেম্বৰ : বান শিবিৰ নহয় নগাঁৱৰ ননৈ গোমোঠা গাঁৱৰ নামঘৰত স্থাপন APDCL আক্ৰান্ত শিবিৰ । পবিত্ৰ নামঘৰৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা গোমোঠা গাঁৱৰ গঞাৰ । বিগত কিছুদিন ধৰি উৎকট গৰমত ৰাজ্যবাসী ছাটি ফুটি কৰাৰ সময়ত নন্দিতা গাৰ্লোচাৰ বিদ্যুতে জলা-কলা খুৱাইছে সৰ্বসাধাৰণক ।

ইয়াৰ মাজতে বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ কৰ্তন সন্দৰ্ভত কৰিছিল কেবাটাও মন্তব্য । আধা ঘন্টাতকৈ অধিক সময় বিদ্যুৎ কৰ্তন কৰা নহয় বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ সময়তে বিদ্যুতৰ অভাৱত গাঁৱৰ নামঘৰত জেনেৰেটৰ ভাড়া কৰি আশ্ৰয় ল’বলগীয়া হৈছে গাঁওবাসী ।

এতিয়া গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ স্থাপন কৰিবলগীয়া হৈছে আশ্ৰয় শিবিৰ । গাঁওখনত 24 ঘণ্টাৰ অধিক সময়েই বিদ্যুৎ কৰ্তন কৰা হয় বুলি মন্তব্য কৰে গাঁওবাসীয়ে । আনকি বিদ্যুৎ থকা সময়তো ভল্টেজৰ অভাৱত নুঘূৰে ফেন । যাৰ বাবে প্ৰথমবাৰৰ বাবে বিদ্যুতৰ অভাৱত স্থাপন কৰিবলগীয়া হৈছে আশ্ৰয় শিবিৰ ।

আধা ঘন্টাহে বিদ্যুৎ কৰ্তন কৰাৰ কথা কোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক গাঁওখনলৈ আহি বুজ ল’বলৈ আহ্বান জনায় গঞাই । শিশুৰ পৰা বৃদ্ধ, ৰোগীয়া সকলোয়ে এতিয়া নিজৰ ঘৰ এৰি আশ্ৰয় ল’বলগীয়া হৈছে নামঘৰত ৷

ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে অসমত বৰ্তমান মুঠ প্ৰায় 2500 মেগাৱাট দৈনিক চাহিদা ৷ ইয়াৰে ৰাজ্যৰ বাহিৰৰ পৰা 1600 মেগাৱাট ক্ৰয় কৰা হয় । অসমৰ নিজা উৎপাদন মাত্ৰ 160 ৰ পৰা 200 মেগাৱাটহে ৷ এনে পৰিস্থিতিত 600 ৰ পৰা 800 মেগাৱাট বিদুৎ ঘাটি ঘটে যাৰ বাবে শক্তি বিভাগে বিদ্যুৎ কৰ্তন কৰিব লগা হয় ৷ সেয়ে এই ক্ষেত্ৰত ৰাইজক এৰা ধৰা কৰিবলৈহে আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক :CM on Electricity: ২৪ ঘণ্টাই বিদ্যুৎ লাভৰ বাবে ভৰিব লাগিব অধিক ধন; হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details