অসম

assam

ETV Bharat / state

কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্য‍ালয়ত মুকলি হ'ল জন সেৱা কেন্দ্ৰ - জন সেৱা কেন্দ্ৰ

বিশ্ব বেংকৰ আৰ্থিক সহযোগিতাত কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্য‍ালয়ত শনিবাৰে এটা জন সেৱা কেন্দ্ৰ(Public Facilitation Centre) মুকলি কৰা হয় ৷ ২০১২ চনত এই আইন প্ৰণয়ন কৰাৰ পাচত ২০১৯ চনত ইয়াৰ সংশোধনী ঘটাই মুঠ ৩২টা সেৱা এই আইনত অন্তৰ্ভূক্ত কৰা হয় । অৱশ‍্যে বৰ্তমান চাৰিটা সেৱাহে এই ব‍্যৱস্থাৰ জৰিয়তে উপলব্ধ হ'ব ।

Public Facilitation Centre
কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্য‍ালয়ত মুকলি হ'ল জন সেৱা কেন্দ্ৰ

By

Published : Oct 9, 2021, 9:20 PM IST

কলিয়াবৰ, 9 অক্টোবৰ : বিশ্ব বেংকৰ আৰ্থিক সহযোগিতাত কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্য‍ালয়ত শনিবাৰে এটা জন সেৱা কেন্দ্ৰ(Public Facilitation Centre) মুকলি কৰা হয় ৷ অসম লোকসেৱা অধিকাৰ (সংশোধনী) আইন –২০১৯ৰ কাৰ্য‍কৰীকৰণ প্ৰক্ৰিয়াৰ অন্তৰ্গত কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্য‍ালয়ত ৰাইজৰ সুবিধাৰ বাবে এই জন সেৱা কেন্দ্ৰ মুকলি কৰা হৈছে ।

কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্য‍ালয়ত মুকলি হ'ল জন সেৱা কেন্দ্ৰ

২০১২ চনত এই আইন প্ৰণয়ন কৰাৰ পাচত ২০১৯ চনত ইয়াৰ সংশোধনী ঘটাই মুঠ ৩২টা সেৱা এই আইনত অন্তৰ্ভূক্ত কৰা হয় । অৱশ‍্যে বৰ্তমান চাৰিটা সেৱাহে এই ব‍্যৱস্থাৰ জৰিয়তে উপলব্ধ হ'ব । কলিয়াবৰৰ এই জন সেৱা কেন্দ্ৰত জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ, সংৰক্ষিত জাতি-জনজাতিৰ প্ৰমাণপত্ৰ আৰু জ‍্যেষ্ঠ নাগৰিকৰ প্ৰমাণ পত্ৰ এতিয়াৰে পৰা অতি সহজে অসম লোকসেৱা অধিকাৰ (সংশোধনী) আইন বা ARPTS পৰ্টেলৰ জৰিয়তে লাভ কৰিব পাৰিব ।

লগতে পঢ়ক:বজাৰত লাগিছে জুই : দুদিনতেই 25 টকা বৃদ্ধি পালে পিয়াজৰ মূল্য

ABOUT THE AUTHOR

...view details