নগাঁও,20 মেঃলক ডাউন অমান্য কৰি নগাঁৱৰ বজাৰত গ্ৰাহকৰ হেতা-ওপৰা ৷ পৰিস্থিতি প্ৰতি লক্ষ্য নাৰাখি নতুন কাপোৰ কিনাত ব্যস্ত একাংশ অচেতন লোকৰ ৷ নিৰ্লিপ্ত প্ৰশাসন ৷
লক ডাউন : ধোঁৱাচাঙত উঠিল নগাঁৱৰ বজাৰ
নগাঁৱৰ বজাৰত ঈদ উপলক্ষ্যে নতুন কাপোৰ কিনাত ব্যস্ত একাংশ অচেতন লোক। অতি শীঘ্ৰে উক্ত অঞ্চলটোৰ ব্যৱসায় প্ৰতিষ্ঠান সমুহ বন্ধ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে বিভিন্ন দল সংগঠনৰ লগতে ধৰ্মীয় গুৰু সকলে ৷
দেশৰ লগতে ৰাজ্যখনতো কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তো নগাঁৱৰ বজাৰত ঈদ উপলক্ষ্যে নতুন কাপোৰ কিনাত ব্যস্ত একাংশ অচেতন লোক। আনহাতে এই ভয়াৱহ পৰিস্থিতিত চৰকাৰ প্ৰশাসনৰ লগতে সকলো দল সংগঠনে লক ডাইন মানি চলিবলৈ আহ্বান জনাইছে ৷ ইতিমধ্যে সদৌ অসম সংখ্যা লঘু ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়েও যোৱা কালি সংবাদ মেলত আনুষ্ঠানিকভাৱে ঈদ উদযাপনৰ বাতিল কৰি ঘৰতেই উদযাপন কৰিবলৈ আহ্বান জনায় ৷ কিন্তু তাৰ পৰিবৰ্তে নগাঁৱত দেখা পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ শাৰীৰিক অথবা সামাজিক দূৰত্বৰ কোনো চিন চাপেই নগাঁৱৰ ঈদৰ বজাৰত। সঁচাকৈয়ে যেন কোনো চেতনাই নাই এইসকল দায়িত্ব জ্ঞানহীন লোকৰ । নগাঁৱৰ ঢাকাইপট্টি বৰবজাৰ, ষ্টেফিয়াম মাৰ্কেট, শইকীয়া মাৰ্কেট সকলোতে একেই পৰিবেশ। জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা দুচকীয়া, চাৰিচকীয় বাহন লৈ ঈদৰ বজাৰ কৰিবলৈ সপৰিয়ালে ওলাই আহিছে । শাৰিৰীক দূৰত্ব দূৰৈৰ কথা এজনে আনজনৰ সংস্পৰ্শলৈ অহাৰ পিছতো পছন্দৰ কাপোৰ বিচৰাত ব্যস্ত এইসকল লোক ।আনহাতে, দিনক দিনে অধিক অৱনতি ঘটিছে দেশ তথা ৰাজ্যৰ পৰিস্থিতি। নগাঁৱত ইতিমধ্যেই তিজনকৈ কোভিড- ১৯ ত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছত প্ৰশাসনে ছীল কৰিছে চহৰৰ দুটাকৈ অঞ্চল । এই পৰিৱেশ প্ৰত্যক্ষ কৰি সচেতন লোক সকলে চৰকাৰ তথা প্ৰশাসনক অতি শীঘ্ৰে কাপোৰৰ দোকানসমূহ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে । ইয়াৰ মাজতে সকলো ইছলাম ধৰ্মাৱলম্বী লোকলৈ আহ্বান সদৌ অসম তহফিজুল কোৰআন বৰ্ডৰ। ঘৰতে থাকি নামাজ পঢ়ক । নতুন কাপোৰ কিনাৰ পৰিবৰ্তে অনাহাৰে থকা দৰিদ্ৰজনক সহায় কৰিবলৈ আহ্বান জনায় । একেদৰে চৰকাৰী সকলো নীতি নিয়ম মানি ঘৰতে থাকি ধৰ্মীয় কাম আদায় কৰিবলৈ সকলো ইছলামধৰ্মাৱলম্বী লোকক আহ্বান জনাইছে নগাৱঁৰ আজাদনগৰ জাম্মে মছজিদৰ তৰফৰ পৰাও। কাপোৰ কিনা বন্ধ কৰি ঘৰতে থাকি ঈদ পালন কৰিবলৈ অনুৰোধ জনাইছে আজাদ নগৰ মছজিদৰ ছানি ইমাম হাফিজ মোহাম্মদ নাচিৰ উদ্দিনে। অতি শীঘ্ৰে উক্ত অঞ্চলটোৰ ব্যৱসায় প্ৰতিষ্ঠান সমুহ বন্ধ কৰিবলৈ আহ্বান জনাই চৰকাৰ প্ৰশাসনক ৷