ৰহা, ১৭ নৱেম্বৰ:বছৰ বছৰ ধৰি দলঙৰ বাবে হাহাকাৰ ৰহাৰ এটা বৃহৎ অঞ্চলৰ ৰাইজৰ । সেয়েহে ক্ষুদ্ধ ৰাইজে চৰকাৰলৈ বাট নাচাই সাজি উলিয়াইছে বাঁহৰ দলং(New Bamboo bridge constructed by Locals in Raha)। উপযুক্ত বাট-পথৰ লগতে দলঙৰ বাবে হাহাকাৰ কৰি আছে এই অঞ্চলটোৰ ৰাইজে ।
ৰহাত গাঁঠিৰ ধন ভাঙি ৰাইজে সাজিলে বাঁহৰ দলং উল্লেখ্য় যে উক্ত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে উন্নত যাতায়তৰ অভাৱত । দশক দশক ধৰি এই বৃহৎ অঞ্চলটোৰ ৰাইজ বঞ্চিত হৈ আহিছে এখন পকী দলঙৰ পৰা ৷ যাৰ ফলত অঞ্চলটোৰ ৰাইজ ওলাই আহিল বৰপানী নৈৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কৰিবলৈ (Public Constructed bridge over Barpani river) ৷ নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজ সাজি উলিয়ালে এইখন দলং ৷ যদিও এই অঞ্চলৰ ভুক্তভোগী ৰাইজে পকী পথ আৰু পকী দলঙৰ বাবে চৰকাৰ তথা স্থানীয় জন-প্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰিছে তথাপি এতিয়ালৈকে পোৱা নাই কোনো সুফল ।
ৰহা সমষ্টিৰ চহৰী আৰু জৰাবাৰী মৌজাৰ সীমাত থকা বৰপানী নদীত আজিও নিৰ্মাণ হোৱা নাই পকী দলং । মাগুৰ গাঁও পঞ্চায়ত আৰু হাটবৰ পঞ্চায়তৰ মাজত থকা বৰপানী নদীৰ বাবেই ইপাৰ-সিপাৰ হ'বলৈ খৰালি,বাৰিষা সকলো বতৰতে ৰাইজে টুলুঙা নাও ব্য়ৱহাৰ কৰিব লাগে ।
মাগুৰ গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাটবৰ পঞ্চায়তৰ বসুন্ধৰী হাইস্কুলত অধ্য়য়ন কৰে । নিতৌ এইসকল ছাত্ৰ-ছাত্ৰীয়ে মৰণত শৰণ দি টুলুঙা নাৱেৰেই বিদ্যালয়লৈ অহা-যোৱা কৰিব লাগে । ইপিনে, সঘনাই এই স্থানত সংঘটিত হৈছে নাও দূৰ্ঘটনা । তদুপৰি বৰপানীৰ পশ্চিমে নদীৰ পাৰতেই আছে বুৰঞ্জী প্ৰসিদ্ধ শ্ৰীশ্ৰী মা বসুন্ধৰী থান । এতিয়া মৰণক শৰণ দি অহা-যোৱা কৰা ৰাইজে নাও দূৰ্ঘটনা ৰোধ কৰিবৰ বাবেই প্ৰতিটো পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰি ডেৰ লাখ টকা ব্যয়ৰে সাজিছে এখন বাঁহৰ দলং ।
দীৰ্ঘদিন ধৰি ৰাইজৰ এটা স্থানৰ পৰা আনটো স্থানলৈ যাতায়াত কৰাত ব্যাহত হৈ পৰিছে । আনকি জৰুৰী অৱস্থাৰ সময়ত এখন উদ্ধাৰকাৰী বাহনো আহিব নোৱাৰে উক্ত স্থানলৈ ৷ এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ স্বত্বেও কোনো সুফল লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে (Pathetic road connectivity in Raha) ৷
উক্ত অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ আহি ৰাজনৈতিক নেতাই দলঙৰ বাবেই ভোট বিচাৰি ৰাইজক আভুৱা ভাৰি আহিছে । তথাপি আজিলৈকে ৰাইজে নাপালে এখন দলং । ৰহাৰ বিধায়ক শশীকান্ত দাসেও নিৰ্বাচনৰ আগতে এনে প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া তেওঁ পাহৰিলে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।
লগতে পঢ়ক:Physically challenged man bagged help: শাৰীৰিকভাৱে অক্ষম স্বামীক লৈ পত্নীৰ হিয়াভঙা কান্দোন